নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফৰে নাছিল কংগ্রেছৰ মিত্রতাঃ ৰিপুণ বৰা

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ এআইইউডিএফৰ লগত কোনোদিনেই মিত্রতা হোৱা নাছিল, বিটিএডিত মাত্র এটা বুজাবুজিহে আছিল বুলি মন্তব্য কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ আগন্তুক বিধানসভা নির্বাচনত দলৰ হাইকমাণ্ডে আলোচনামর্মেহে মিত্রতাৰ সিদ্ধান্ত ল’ব৷  তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত কাকীত দলীয় প্রার্থীৰ হৈ প্রচাৰ চলাবলৈ যোৱাৰ সময়ত হোজাইৰ কপাহবাৰীত সাংবাদিকৰ আগত এই মন্তব্য কৰে৷

কপাহবাৰীত চৌধুৰী বজাৰ জিলা পৰিষদৰ সদস্য নাছিৰ উদ্দিন ফাৰুকী আৰু মোৰাঝাৰ জিলা পৰিষদৰ সদস্যা ৰেজিয়া চুলতানাৰ নেতৃত্বত যোৱা একাংশ কংগ্রেছ কর্মীয়ে তেওঁক উষ্ম আদৰণি জনায়৷ বিটিআৰত সংখ্যালঘু ৰাইজে কংগ্রেছক ভোট নিদিয়াৰ কাৰণ সন্দর্ভত প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে কয় যে তাত কংগ্রেছ–এআইইউডিএফৰ মিত্রতাক লৈ ৰাইজে ভোটদান নকৰাটো কথাটো মানি ল’ব নোৱাৰি৷ তাত পূর্বেও বহুবাৰ গোষ্ঠীগত সংঘর্ষ হৈ গৈছে৷ নিজৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিটিআৰত এইবাৰ সংখ্যালঘু ৰাইজে ইউপিপিএল আৰু বিপিএফক ভোটদান কৰি আহিছে৷

বিটিচিত কংগ্রেছৰ একমাত্র সদস্যজনে বিজেপিত যোগদান কৰা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি সভাপতি ৰিপুণ বৰাই কয় যে বিজেপিয়ে আগৰ পৰাই ঘোঁৰা বেচা–কিনাৰ ৰাজনীতি কৰি আহিছে৷ অন্যান্য ৰাজ্যতো বিধায়ক কিনা–বেচাৰ ৰাজনীতি চলাই গৈছে বিজেপিয়ে৷ এয়া কোনো আদর্শগত ৰাজনীতি নহয়৷ এনে কার্যই ভৱিষ্যতে গণতন্ত্রৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিব৷ অসম প্রদেশ কংগ্রেছৰ সংখ্যালঘু মর্চাৰ সাধাৰণ সম্পাদক নাছিৰ উদ্দিন ফাৰুকীয়ে অসম প্রদেশ কংগ্রছৰ সভাপতি ৰিপুণ বৰাৰ আগত অভিযোগ কৰি কয় যে যমুনামুখৰ কংগ্রেছত বহু বিভাজন চলি আছে আৰু বিন্নাকান্দি ব্লক কংগ্রেছ কমিটীৰ সভাপতিগৰাকী আচলতে বিন্নাকান্দি ব্লকৰ বাসিন্দা নহয়, তেওঁ টাউন ব্লকৰ বাসিন্দা হয়, সেয়েহে তেওঁক আঁতৰাই তেওঁৰ ঠাইত অন্য এজনক বিন্নাকান্দি ব্লক কংগ্রেছৰ সভাপতি পাতি দিয়াৰ দাবী জনায়৷

You might also like