নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ২ ক’ৰোনা পজিটিভ প্রসূতিৰ প্রসৱ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: ধুবুৰী অসামৰিক চিকিৎসালয়ত দুগৰাকী ক’ভিড আক্রান্ত গর্ভৱতীয়ে প্রসৱ কৰা নৱজাতক জন্মৰে পৰা ক’ভিডমুক্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ এই সন্দর্ভত স্থানীয় স্বাস্থ্য বিভাগৰ এক সূত্রই সদৰী কৰা অনুসৰি চলিত মাহত জিলাখনৰ গৌৰীপুৰ আৰু ধুবুৰীৰ দুগৰাকী ক’ৰোনা ভাইৰাছ সংক্রমিত হোৱা গর্ভৱতী মহিলাক ধুবুৰীৰ ঝগৰাৰপাৰৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷

জানিব পৰা মতে দুয়োগৰাকী ক’ভিড আক্রান্ত মাতৃয়ে ইতিমধ্যে পুত্র সন্তান জন্ম দিছে আৰু দুয়ো নৱজাতক ক’ভিডমুক্ত৷ ইফালে দুয়োগৰাকী মহিলাৰ এগৰাকীৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত নৱজাতকসহ মাতৃগৰাকীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া বুলি জানিব পৰা গৈছে৷

অৱশ্যে ইয়াৰে এগৰাকী ক’ভিডত আক্রান্ত মাতৃৰ চিকিৎসা ধুবুৰী অসামৰিক চিকিৎসালয়ত চলি আছে যদিও মাতৃগৰাকীৰ সন্তান সম্পূর্ণ ক’ভিডমুক্ত বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে দুয়োগৰাকী ক’ভিড আক্রান্ত মাতৃৰ সন্তান প্রসৱৰ দায়িত্ব লৈ দুটাকৈ পৃথক অস্ত্রোপচাৰৰ সফল দায়িত্ব সম্পূর্ণ কৰিছিল গাইন’কলজিষ্ট ডাঃ বিপুল ৰায় প্রধানী, ডাঃ মুছকুৰা আহমেদ, এনাথেছিষ্ট চিৰাজুল হক সৰকাৰকে ধৰি চিকিৎসালয়ৰ অন্যান্য স্বাস্থ্য কর্মীসকলে৷

You might also like