নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত নার্ছৰ শৰীৰত ক’ভিড–১৯ পজিটিভ; চিভিল কনটেইনমেণ্ট এলেকা ঘোষণা

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ এগৰাকী কর্তব্যৰত নার্ছৰ ক’ভিড–১৯ পজিটিভ ধৰা পৰাৰ পাছত বুধবাৰে মাজনিশাৰ পৰা ২৭ জুনলৈ ধেমাজি অসামৰিক চিকিৎসালয়ৰ চৌহদ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷

বুধবাৰৰে পৰা চিকিৎসালয়খনত সর্বসাধাৰণ লোকৰ ওলোৱা–সোমোৱা বন্ধ কৰিছে প্রশাসনে৷

ক’ভিড কেন্দ্রত কর্মৰত নার্ছগৰাকী ছোৱাব টেষ্টৰ বুধবাৰে পজিটিভ ধৰা পৰাৰ লগে লগে সমগ্র চিকিৎসালয়খনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে৷

You might also like