ৰহাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৭১ লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ৰহাত দিনে দিনে বৃদ্ধি পাইছে ক’ভিডৰ-১৯ সংক্ৰমণ। ৰহা স্বাস্থ্য বিভাগৰ সুত্ৰ মতে ইতিমধ্যে বৃহত্তৰ ৰহা অঞ্চলত প্ৰায় শতাধিক লোকৰ শৰীৰত ক’ভিড-১৯ ধৰা পৰিছে।
স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জনা মতে আজি দিনটোৰ ভিতৰত পুনৰ ১০ জনৰ শৰীৰত ক’ভিড-১৯ ধৰা পৰিছে । ইয়াৰে ৮ জন দীঘলদৰিৰ নিকটৱৰ্তী পহুপুৰী গাঁৱৰ। মঙলবাৰে গাঁওখনত এজন, বুধবাৰে দুজন আৰু বৃহস্পতিবাৰে ১২ জনৰ দেহত ক’ভিডৰ পজিটিভ ধৰা পৰাৰ পাছত আজি পুনৰ ৮জনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে।
লগতে দীঘলদৰি আৰু হাৰিয়ামুখৰ দুজনকৈ লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে। । বৰ্তমানলৈকে ৰহা ৰাজ্যিক চিকিৎসালয়ৰ এলেকাত মুঠ ৭১জন লোক ক’ভিড পজিটিভ বুলি জানিব পৰা গৈছে।