নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ড সীমান্তৰ ৮০০ বিঘা মাটিত খেতি কৰাত বাধা চিআৰপিএফৰ: নির্বিকাৰ প্রশাসন

নিয়মীয়া বার্তা, ২৬ জুলাইঃ অসম চৰকাৰৰ প্রশাসনিক ব্যৱস্থাৰ অকর্মণ্যতাৰ সুযোগ গ্রহণ কৰি সৰুপথাৰৰ উৰিয়ামঘাট সীমান্তৰ অসম–নাগালেণ্ড সীমান্তৰ ১নং ছেইনপুৰ গাঁৱত ৪৩টা কৃষক পৰিয়ালক খেতিপথাৰত কৃষি কার্যত বাধা প্রদান কৰিছে নিৰপেক্ষ বাহিনী চি আৰ পি এফে৷ ধনশিৰি মহকুমাৰ অসম–নাগালেণ্ড সীমান্তৰ ‘বি’ ছেক্টৰত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত হৈ আছে চি আৰ পি এফৰ ১৫৫ বেটেলিয়ন৷ অভিযোগ অনুসৰি অসম–নাগালেণ্ড সীমান্তৰ ‘বি’ ছেক্টৰ অঞ্চলত নিৰপেক্ষ বাহিনী চি আৰ পি এফে বিশেষকৈ নগাৰ পক্ষত থিয় দি আহিছে৷ লক্ষণীয় কথাটো হ’ল হাবি–বন কাটি প্রায় ৫৫ বছৰ ধৰি কৃষিকার্য কৰি ভোগ দখল কৰি নিগাজীকৈ গাঁও পাতি বসবাস কৰা অসমৰ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ হালধিবাৰী গাঁও পঞ্চায়তৰ ১ নং ছেইনপুৰ গাঁওখনত এতিয়া নগাৰ শেন চকু৷

নাগালেণ্ডৰ ঊষা জিলাৰ ‘য়ামফু লথা’ আৰু অল্ড ৰালান গাঁৱৰ ‘ৰংথংগ’ নামৰ দুজন নগা ব্যক্তিয়ে অসম–নাগালেণ্ড সীমান্তৰ ১ নং ছেইনপুৰ গাঁৱৰ প্রায় ৮০০ বিঘা মাটি নিজৰ বুলি দাবী কৰি খেতিয়কৰ পৰা উৎপাদিত শস্য ধানৰ অংশ দাবী কৰে৷ ১ নং ছেইনপুৰ গাঁৱৰ কৃষকে নগাক ধান দিবলৈ অমান্তি হোৱাত যোৱা ২০১৭ চনৰ পৰা ২০২০ চনলৈকে একেৰাহে চাৰি বছৰ ধৰি ১ নং ছেইনপুৰ গাঁৱৰ ৪৩টা অসমীয়া কৃষক পৰিয়ালক কৃষিভূমিত খেতি কৰিব দিয়া নাই চি আৰ পি এফে৷ দুজন নগা ব্যক্তিৰ শ্রুতলিপিত চলে অঞ্চলটোৰ নিৰপেক্ষ বাহিনী চি আৰ পি এফ৷ সীমান্তৰ ১ নং ছেইনপুৰ গাঁৱৰ প্রায় ৮০০ বিঘা কৃষিভূমি দুজন নগা ব্যক্তিয়ে নিজৰ বুলি দাবী কৰি অসমীয়া কৃষকক ধান দাবী কৰি আহিছে৷ গাঁওখনৰ কৃষকে ধান দিবলৈ অমান্তি হয়৷ এই ঘটনাক লৈ অসম–নাগালেণ্ড সীমান্তৰ ১ নং চেতিয়া গাঁওস্থিত চি আৰ পি এফ শিবিৰত অসমৰ ধনশিৰি মহকুমা প্রশাসনৰ সীমান্ত দণ্ডাধীশ আৰু নাগালেণ্ডৰ সীমান্তৰ ৰালাণ্ডৰ দণ্ডাধীশৰ উপস্থিতিত কেইবালানি আলোচনা হয় যদিও নাগালেণ্ড প্রশাসন, অসম প্রশাসন আৰু সীমান্তত নিয়োজিত নিৰপেক্ষ বাহিনী চি আৰ পি এফ বাহিনীয়ে স্থানীয় ছেইনপুৰ গাঁৱৰ অসমীয়া কৃষকক ন্যায় দিয়াৰ বিপৰীতে নগা ব্যক্তি দুগৰাকীৰ দাবীৰ প্রতি সঁহাৰি জনাবলৈ চেষ্টা কৰে বুলি অভিযোগ কৰিছে ছেইনপুৰবাসীয়ে৷ আজি এই প্রতিবেদকে অসম–নাগালেণ্ড সীমান্তৰ ১ নং ছেইনপুৰ গাঁৱত উপস্থিত হৈ ভুক্তভোগী কৃষকৰ সমস্যাৰ চৰজমিন তদন্ত কৰে৷

গোলাঘাট জিলাৰ ধনশিৰি মহকুমা প্রশাসন আৰু সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ’জলিনা তির্কীকো অতি স্পর্শকাতৰ বিষয় সন্দর্ভত অৱগত কৰে স্থানীয় কৃষকে৷ প্রশাসনৰ তৰফৰ কোনো সদুত্তৰ নোপোৱাত উপায়হীন হৈ পৰিছে ৪৩টা কৃষক পৰিয়াল৷ কৃষি কার্যৰে জীৱন অতিবাহিত কৰা এই কৃষক পৰিয়ালকেইটাই বর্তমান অর্থ–সংকট, খাদ্য–সংকটত ভুগিছে৷ চৰকাৰ প্রশাসনে এইক্ষেত্রত শীঘ্রে ব্যৱস্থা ল’বলৈ দাবী জনাইছে৷

You might also like