নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবিদ্যালয় সপ্তাহত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ঢকুৱাখনা ঢকুৱাখনা মহকুমাৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ত কালিৰে পৰা অনুষ্ঠিত হৈছে ৫৫ সংখ্যক মহাবিদ্যালয় সপ্তাহ। মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি শনিবাৰে ছাত্ৰ একতা সভাৰ উদ্যোগত পুৱাৰ ভাগত উলিয়া হয় সাংস্কৃতিক শোভাযাত্ৰা। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ আৰু সমন্বয়ৰ এনাজৰি শক্তিশালী কৰাৰ বাৰ্তা বহন কৰাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰে সকলোকে।পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰ মুকলি কৰে মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ সত্যৰঞ্জন নেওগে।মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যক্ষ আৰু অধ্যাপক-অধ্যাপিকাসকলৰ সহযোগত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মহাবিদ্যালয়ৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰে ৷

মহাবিদ্যালয়খনৰ প্ৰতিটো বিভাগে অংশগ্ৰহণ কৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰাই ঢকুৱাখনা নগৰ পৰিভ্ৰমন কৰি পুনৰ মহাবিদ্যালয়ত সামৰণি মাৰে ৷ এই সাংস্কৃতিক শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে সাম্প্ৰতিক সময়ৰ হোৱা বহুকেইটা সমস্যা পৰিৱেশ সংৰক্ষণ, প্লাষ্টিক বৰ্জন,  বৃক্ষ ৰোপণ, ডাইনী হত্যাৰ ওপৰত সজাগতা সৃষ্টিৰ উপৰিও তাঁত শাল, ভাওনা, বিহুৰ লোকাচাৰ, বাঁহেৰে নিৰ্মিত সামগ্ৰীকে ধৰি বিভিন্ন বিষয় উপস্থাপন কৰে ৷ইয়াৰ উপৰিও অসমৰ গ্ৰামাঞ্চলৰ জীৱন ধাৰাৰ জীৱন্ত প্ৰতিচ্ছবি,অসমৰ লুপ্তপ্ৰায় সংস্কৃতিৰ পৰা বিবাহ পদ্ধতি, মাছ ধৰা, শিক্ষা ব্যৱস্থাৰ বিভিন্ন বিষয়-বস্তুৰ সুন্দৰ প্ৰতিফলন ঘটায় মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে৷ সাংস্কৃতিক শোভাযাত্ৰাত মিচিং,দেউৰী,কোঁচ ৰাজবংশী,সোণোৱাল কছাৰী,তিৱা,নেপালীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শনে সাংস্কৃতিক শোভাযাত্ৰাটো বিশেষ মাত্ৰা প্ৰদান কৰে।

আনহাতে মহাবিদ্যালয় খনৰ প্ৰতিটো বিভাগে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰাত অৰ্থনৈতিক প্ৰাণীবিজ্ঞান বিষয় উপস্থাপনেৰে প্ৰাণীবিজ্ঞান বিভাগে প্ৰথম স্থান লাভ কৰে। হোমেন বৰগোহাঞি স্মৃতিচাৰণ আৰু কৰ’ণা মহামাৰী প্ৰতিহত কৰি শিক্ষা খণ্ডক আগবঢ়াই লৈ যাওঁ আহক বিষয় উপস্থাপনেৰে যুটীয়াভাৱে ৰাজনীতি বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিভাগে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে যুটীয়াভাবে অসমীয়া বিভাগ আৰু উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ, বিজ্ঞান বিভাগে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

You might also like