নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা নগৰ আমকটীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰবেশ পথৰ কাষতে থকা ডাষ্টবিন আঁতৰাবলৈ দাবী অভিভাৱকৰ

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ ঢকুৱাখনা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তগত ঢকুৱাখনা নগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰবেশ পথৰ ওচৰতে আৰু ঢকুৱাখনা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ বিপৰীত দিশত লোক নিৰ্মাণ ( পথ ) বিভাগৰ ঢকুৱাখনা ঘুনাসুতী পথৰ কাষতে থকা আৰু দীৰ্ঘ দিনে চাফা নকৰা ঢকুৱাখনা নগৰ সমিতিৰ অধিনৰ ডাষ্টবিনটো আঁতৰাবলৈ দাবী জনাইছে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলে ৷ বিদ্যালয় খনৰ সন্মুখতে অতি কদৰ্যময় অৱস্থাত থকা ডাষ্টবিনটোত ঢকুৱাখনা ব্লক চাৰিআলিৰ ব্যৱসায়ী সকলৰ পেলনীয়া গেলা আল গেলা পিয়াজৰ লগতে কেচাঁ সামগ্ৰীৰ গেলা পঁচাই দুৰ্গন্ধময় কৰি তোলাত কণ কণ শিক্ষাৰ্থী সকলৰ বেমাৰ আজাৰৰ আশংকা কৰি ছাত্ৰ ছাত্ৰীৰ সু স্বাস্থ্যৰ বাবে ডাষ্টবিনটো স্বানান্তৰ কৰাৰ দাবী তুলি  ৬ মাৰ্চত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি গুৰনেল সিংক অভিভাবিকা অনুৰাধা গগৈৰ লগতে ২০ গৰাকী অভিভাৱক অভিভাবিকাৰ স্বাক্ষৰ সম্বলিত এক আবেদনৰ জৰিয়তে ঢকুৱাখনা নগৰ সমিতিৰ অধিনৰ ডাষ্টবিনটো পৰিস্কাৰ কৰি আঁতৰাই অন্য স্থানলৈ নিয়াৰ  দাবী তুলিছে ৷

You might also like