দৰঙৰ বৰঙাবাৰী শ্মশানত শৱ সৎকাৰকলৈ বাধা, মাৰপিট
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: দৰঙৰ দীঘিৰপাৰ বৰঙাবাৰী ৰাজহুৱা শ্মশানত আজি দিনৰভাগত এক মৃতদেহ সৎকাৰকলৈ সৃষ্টি হয় বাদানুবাদ, মৃতদেহ কান্ধৰ পৰা টানি বগৰাই দিয়াৰ লগতে মাৰপিটৰ দৰে নিন্দনীয় ঘটনা। বৰঙাবাৰীৰ উক্ত শ্মশানত শৱদাহকলৈ শ্মশানৰ কাষতে ঘৰ নিৰ্মান কৰা এক মুছলিম পৰিয়ালে বাধা দি অহাৰ পাছত আজি ত়তীয়বাৰৰ সৃষ্টি হয় এনে উত্তপ্ত পৰিস্হিতি। সম্প্ৰতি আৰক্ষীৰ হস্তক্ষেপত বিষয়টো সমাধা হৈছে যদিও শৱদাহ কৰিব যোৱা একাংশ লোকক মাৰপিট কৰাকলৈ শৱদাহনৰ পাছতে ৰাইজে মঙলদৈ থানাত এখন এজাহাৰ দাখিলৰ প্ৰস্তুতি চলাই আছে। লক্ষনীয় যে, বৰঙাবাৰী গাঁৱৰ কুহিৰাম হাজৰিকা নামৰ ৫৩ বছৰীয়া লোকজনৰ যোৱানিশা উচ্চৰক্তচাপ জনিত কাৰণত অসুস্হ হৈ পৰে। নিশাই হাজৰিকাক গুৱাহাটী মেডিকেল কলেজ হস্পিতেলত ভৰ্তি কৰৱা হয় যদিও আজি পূৱতি নিশা মৃত্যু হয়। আজি দুপৰীয়া হাজৰিকাৰ মৃতদেহ ঘৰলৈ অনাৰ পাছত বৰঙাবাৰী গাঁৱৰ ৰাইজে মৃতদেহ সৎকাৰৰ প্ৰস্তুতি চলায়। সেই অনুসৰি, দিনৰ প্ৰায় ১ মান বজাত মৃতদেহ কান্ধত লৈ প্ৰায় ২০/২৫ জনীয়া এটা দলে শ্মশানলৈ কঢ়িয়াই লৈ যায়। কিন্তু সেই সময়ত এটা দলে মৃতদেহ সেই স্হানত সৎকাৰ কৰিলে তাৰ ধোৱা, ছাই আদি সমীপৱৰ্তী পৰিয়ালৰ চোতালত পৰে, সেয়ে সৎকাৰ নকৰিবলৈ সকীয়াই দিয়ে। উক্ত দলটোৱে এনে সকীয়নি দিয়াত ৰাইজ বিমোৰত পৰে আৰু পূৰ্বে এই বিষয়ত সংঘটিত ঘটনাৰ দোহাই দি শ্মশানৰ প্ৰায় চাৰে তিনি বিঘা ভূমিৰ একাংশ বেদখল কৰি ঘৰ সজাৰ বাবে এনে পৰিস্হিতি আহি পৰিছে বুলি প্ৰকাশ কৰে। বেদখলৰ শব্দটো শুনাৰ লগে লগে মোস্তাক নামৰ যুৱক জনে মৃতদেহটো কান্ধৰ পৰা টানি বগৰাই দিব বিচাৰে। অভিযোগ অনুসৰি, মোস্তাক, তুল সহ দলটোৱে ওচৰৰ ধাননি লৈ টানি চোচৰাই নিব বিচৰাত মাৰপিটৰ সূত্ৰপাত হয়। খুউৱ কম সময়ৰ ভিতৰত বিষয়টো স্হানীয় বৰসত্ৰ, দীঘিৰপাৰ, ডাঁহী আদি এলেকাত বিয়পি পৰে আৰু শতাধিক যুৱক ওলাই যায় শ্মশানত শৱদেহ সৎকাৰত কিয় বাধা দিব, কিয় মৃতদেহ টানি বগৰাই দিব আদি বিষয়ৰ অৱতাৰণা কৰি বিষয়টোত আইন হাতত তুলি নলৈ আৰক্ষীক সদৰি কৰে। পাছলৈ আৰক্ষীৰ বৃহৎ দল এটা নীৰজ চৌধুৰীৰ নেতৃত্বত ঘটনাস্হলীত আহি বাধা প্ৰদানকাৰীক বিচাৰি যায় আৰু সৎকাৰৰ দিহা কৰে। বিষয়টোকলৈ স্হানীয় ৰাইজে আৰক্ষীক শৱদেহ সৎকাৰ কৰি নিশালৈ এখন এজাহাৰ দিয়াৰ কথা ঘোষণা কৰিছে। মূলতঃ দুই তিনিটা পৰিয়ালৰ বাবেই শৱদেহ সৎকাৰকলৈ বাৰে বাৰে সংঘাত সৃষ্টি হৈ আহিছে যদিও শ্মশানৰ সমগ্ৰ ভূমি বেদখল মুক্ত কৰি চৌদিশে বেৰ দিলেই বিষয়টৌৰ স্হায়ী সমাধান হব বুলি স্হানীয় যুৱক তথা বৰসত্ৰ আদৰ্শ গাঁৱৰ সম্পাদক বিতোপন ডেকা সহ পংকজ শইকীয়া আদিয়ে প্ৰকাশ কৰিছে। পৰৱৰ্তী সময়ত বিষয়টোকলৈ মঙলদৈ থানাই কি পদক্ষেপ লয় অথবা পঞ্চায়ত অথবা উন্নয়ণ পুজিৰ ধন আৱন্টন কৰি সমাধান কৰা হয় নে নহয় তাৰ ওপৰতে বিষয়টো নিৰ্ভৰ কৰিছে।
Input: দিগন্ত কুমাৰ শৰ্মা, দৰং