দৰঙৰ ৪ সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশঃ নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে ৩০ দিনৰ সময়সীমা
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি মঙলদৈ নিৰ্বাচন জিলাৰ অন্তৰ্গত ৪ সমষ্টি ক্ৰমে কলাইগাওঁ, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও সমষ্টিৰ ২০২২ বৰ্ষৰ খচৰা ভোটাৰ তালিকা আজি আনুষ্ঠানিক ভাবে প্ৰকাশ কৰা হৈছে। নিৰ্বাচন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি নতুন খচৰা ভোটাৰ তালিকা মতে মঙলদৈ নিৰ্বাচন জিলাত মুঠ ভোটাৰৰ সংখ্যা ৮,৪১,১৩৫ গৰাকী।
ইয়াৰে ৪,২৭,৯০২ জন পুৰুষ আৰু ৪,১৩,২১৬ গৰাকী মহিলা ভোটদাতা আৰু ১৭ গৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ। নতুন ভোটাৰ তালিকা অনুসৰি ৬৫ নং কলাইগাওঁ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৮৩,৪৭১ জন। ইয়াৰে ৯২,৮১৫ জন পুৰুষ আৰু ৯০,৬৫৪ গৰাকী মহিলা ভোটদাতা । একেদৰে ৬৬নং ছিপাঝাৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৭৮,৩৩৬ জন । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯১,৫১৯জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৮৬,৮১০গৰাকী । ঠিক তেনেদৰে ৬৭ নং মঙলদৈ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৩৭,৯০২ জন ।
ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১,২০,৫০৬ জন আৰু মহিলা ভোটাৰ হৈছে ১,১৭,৩৯৪ গৰাকী । তদুপৰি ৬৮ নং দলগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪১,৪২৫ জন । ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১,২৩,০৬২ জন আৰু মহিলা ভোটাৰ হৈছে ১,১৮,৩৫৮ গৰাকী । এই খচৰা ভোটাৰ তালিকাত যোৱা বছৰৰ চুড়ান্ত ভোটাৰ তালিকাৰ তুলনাত ১৪,৬৭০ গৰাকী নতুন ভোটদাতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অতিৰিক্ত উপায়ুক্ত পঙ্কজ ডেকাই জনোৱা অনুসৰি আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকাত যদি কোনো যোগ্য ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হোৱা নাই আৰু অন্তৰ্ভুক্ত কৰিব বিচাৰে, অন্তৰ্ভুক্ত হোৱা নাম কৰ্তন, শুধৰণি আদি সন্দৰ্ভত দাবী আৰু আপত্তি আদি অহা ৩০ নৱেম্বৰলৈকে দাখিল কৰিব পাৰিব ।
লগতে নৱনিযুক্ত নিৰ্বাচনী বিষয়া প্ৰাঞ্জল প্ৰান শইকীয়াই জানিবলৈ দিয়ে আবেদনকাৰীসকলে www.nvsp.in অথবা ভোটাৰ হেল্পলাইন এপৰ জৰিয়তেও আবেদন কৰিব পাৰিব । এনে আবেদন সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় বা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব । লগতে ২০ ডিচেম্বৰৰ ভিতৰত সকলোধৰণৰ ওজৰ-আপত্তি নিষ্পত্তি কৰি অহা ৫ জানুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি তেখেতে জানিবলৈ দিয়ে।
উল্লেখ্য যে আজিৰ ভোটাৰ তালিকা প্ৰকাশ কাৰ্যসূচীত জিলা উপায়ুক্ত প্ৰভাতী থাওচেন, অতিৰিক্ত উপায়ুক্ত পঙ্কজ ডেকা, নিৰ্বাচনী বিষয়া প্ৰাঞ্জল প্ৰান শইকীয়াৰ লগতে কলাইগাওঁ তথা ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয়ৰ উপৰিও মঙলদৈ ৰাজহ চক্ৰ বিষয়া (এ) আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ লগতে ৰাজনৈতিক দল সমূহৰ প্ৰতিনিধি সকলো উপস্থিত থাকে ।
Input: দিগন্ত কুমাৰ শৰ্মা, দৰং