দৰঙৰ ২৮৯জন গাঁওবুঢ়াক বিনামূলীয়া স্মাৰ্ট ফোন প্ৰদান
নিয়মীয়া বাৰ্তা, ২৬জুনঃ প্ৰশাসন তথা চৰকাৰে মুহুৰ্তৰ ভিতৰতে লাভ কৰিব গাওঁৰ প্ৰতিটো সৰু বৰ খবৰ। অতি ভিতৰুৱা অঞ্চলটোৰো খবৰ পাব জিলা প্ৰশাসন আৰু চৰকাৰে। যাৰ জৰিয়তে এতিয়া অধিক প্ৰগতিৰ দিশত আগবাঢ়িব গাওঁখন।
উল্লেখযোগ্য যে, এনে উদ্দেশ্যেই চৰকাৰে ৰাজ্যৰ গাওঁবুঢ়াসকলৰ হাতত একোটাকৈ স্মাৰ্ট ফোন তুলি দিয়াৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। লক্ষণীয় যে, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা গ্ৰহণ কৰা উক্ত আচনিৰ দ্বাৰা দৰঙৰ গাওঁবুঢ়াসকলৰ মাজতো বিতৰণ কৰা হয় একোটাকৈ বিনামূলীয়া স্মাৰ্ট ফোন ।
ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ছিপাঝাৰ আৰু পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ গাঁওবুঢ়া সকলৰ হাতত একোটাকৈ স্মাৰ্টফোন তুলি দি ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই চৰকাৰৰ এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে উন্নত প্ৰযুক্তিৰ ফোনটোৰ জৰিয়তে ডিজেটল প্ৰযুক্তিৰ লগত প্ৰত্যক্ষ ভাবে গাঁওবুঢ়া সকলকো এতিয়াৰ পৰা সামৰি লোৱাটো নিতান্তই উল্লেখনীয় বুলিও প্ৰকাশ কৰে।
আনহাতে ছিপাঝাৰ সমষ্টিৰ গাঁওবুঢ়া সকলৰ বাবে এটা স্থায়ী কাৰ্যালয়ো নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়াৰ বিষয়েও উল্লেখ কৰে।দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই কভিড-১৯ৰ আতংকৰ সময়তো গাঁওবুঢ়া সকলে আগবঢ়োৱা সেৱাক প্ৰশংসা কৰি,এনে এটা সময়তে গাওবুঢ়া সকলক স্মাৰ্ট ফোন কৰাটো চৰকাৰৰ সময়োপযোগী পদক্ষেপ বুলিও দোহাৰে।
অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই মবাইল ফোনটোৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে গাঁওবুঢ়া সকল এতিয়াৰে পৰা অধিক স্মাৰ্ট হ’ব বুলিও আশা কৰে।পাথৰিঘাট চক্ৰ বিষয়া কাৰ্যালয়ৰ সভাক্ষত আয়োজিত সভাখনত অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা ৰাজহ চক্ৰ বিষয়াদ্বয় নন্দন নিলোৎপল ভাগৱতী আৰু অমৰজ্যোতি নাথো উপস্থিত থাকে। ছিপাঝাৰৰ দুয়োটা ৰাজহ চক্ৰ মিলাই ১১১ গৰাকী গাওবুঢ়াক স্মাৰ্ট ফোন প্ৰদান কৰাৰ লগতে একেদিনাই দৰঙৰ উপায়ুক্তৰ উপস্হিতিত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে মঙলদৈৰ ৯৮গৰাকীক আৰু এদিন পূৰ্বে অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই দলগাঁও ৰাজহ চক্ৰৰ ৮০ গৰাকী গাঁওবুঢ়াক প্ৰদান কৰে স্মাৰ্ট ফোন।
এনে অত্যাধুনিক ফোনৰ সহায়ত গাওঁবুঢ়াসকলে সংশ্লিষ্ট গাওঁসমূহৰ প্ৰয়োজনীয় খবৰ অতি সহজ আৰু কম সময়ৰ ভিতৰতে জিলা প্ৰশাসনক জনাই থাকিব পাৰিব। গাঁওবুঢ়া সকলেও চৰকাৰৰ পদক্ষেপক শলাগ লয়।