নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক ডাউনৰ মাজতে ক’ত সম্পাদিত হ’ল বিবাহ?

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ লক ডাউনৰ মাজতে অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ল এখন বিবাহ। যিহেতু এইবাৰ ব’হাগ মাহটোৱেই বিবাহশূণ্য হৈ পৰিছে এই পৰিপ্ৰেক্ষিতত দৰং জিলাৰ হাজৰিকাপাৰাত সম্পাদিত হ’ল বিবাহ। নাই মানুহৰ সমাগম নাই বেণ্ড পাৰ্টী। মাত্ৰ কেইজনমান লোকৰ উপস্থিতিত অনুষ্ঠিত হ’ল বিয়াখন।

উল্লেখ্য যে উত্তৰ গুৱাহাটীৰ দৰা প্ৰফুল্ল বৰুৱা আৰু দৰঙৰ হাজৰিকাপাৰাৰ গীতাঞ্জলি ডেকাৰ বিয়া যোৱা ১৫ এপ্ৰিলতেই ঠিক হৈছিল কিন্তু লক ডাউনৰ বাবে স্থগিত ৰাখিব লগীয়া হৈছিল কিন্তু দৰাঘৰৰ প্ৰায় ৪জন লোক আৰু কইনাঘৰৰ পৰিয়ালৰ উপস্থিতিত পৰম্পৰা ৰক্ষা কৰি পুৰোহিতৰ উপস্থিতিত সম্পাদিত হয় বিয়াখন। অগ্নিক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে প্ৰশান্ত আৰু গীতাঞ্জলীয়ে।

You might also like