নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰামত্ত এম্বুলেঞ্চ চালকৰ টেম্প’ত খুন্দা ৪জনৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ৰাজ্য কঁপাই যোৱা নিমাতীঘাটৰ ফেৰী দুর্ঘটনাৰ শোকৰ বন্যা মাৰ নৌযাওঁতে কামৰূপ (গ্রাম্য) জিলাৰ বাইহাটা চাৰিআলি–গোৰেশ্বৰ সংযোগী পথৰ বিহদিয়া চ’কত যোৱানিশা সংঘটিত হৈছে এক ভয়ংকৰ শোকাৱহ পথ দুর্ঘটনা৷ গোৰেশ্বৰৰ পৰা আহি থকা এখন তীব্রবেগী এম্বুলেঞ্চে বাইহাটা চাৰিআলিৰ দিশৰ পৰা আহি থকা এখন টেম্প’ৰ লগত মুখামুখি হোৱা সংঘর্ষত যাত্রীবাহী টেম্প’খনৰ দুগৰাকী যাত্রী থিতাতে নিহত হোৱাৰ লগতে আন দুগৰাকীৰ চিকিৎসালয়ত মৃত্যু হয়৷

এই ঘটনাই সমগ্র অঞ্চলত শোকৰ ছা পেলাইছে৷ মৃত্যু হোৱা যাত্রীকেইগৰাকী হ’ল গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তর্গত শিমলীবাৰী গাঁৱৰ বিমলা বডো (৪২), বিলাইশ্রী ব্রহ্ম(৪৫), তুফান বডো (৪৫) আৰু বগীবালা বডো (৫০)৷ ইয়াৰে তুফান বডোৰ যোৱা এবছৰৰ ভিতৰতে পিতৃ–মাতৃ দুয়োগৰাকীৰ মৃত্যু হোৱাত পত্নী আৰু দুই সন্তানৰ স’তে কোনোমতে ঘৰখন পোহপাল দি আছিল যদিও নিয়তিয়ে সেয়াও কাঢ়ি লৈ গ’ল৷ আনহাতে, গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা লোককেইজন হ’ল একে গাঁৱৰে ফুলেশ্বৰ ব্রহ্ম(৫৭), পদুমী বডো (৪২), ৰাতিফুলি বডো (৪০), তপেশ্বৰী বডো (৪৫), বাহিৰাম বডো (৬০), বৃহস্পতি বডো (৩৬) আৰু টেম্প’চালক উত্তম ৰাজবংশী৷ উল্লেখ্য যে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই বিগত বিধানসভা নির্বাচনৰ পূর্বে শিমলীবাৰী গাঁৱত এটা বাথৌ মন্দিৰ নির্মাণৰ প্রতিশ্রুতি দিছিল৷

সেই বাবে বিধায়কগৰাকীৰ প্রতিশ্রুতিৰ সঁহাৰি বিচাৰি শিমলীবাৰী গাঁওবাসীৰ হৈ বিধায়ক দিগন্ত কলিতাক লগ কৰিবলৈ বাইহাটা চাৰিআলিলৈ গৈছিল এই দহগৰাকী লোক৷ বিধায়ক দিগন্ত কলিতাৰ বাইহাটা চাৰিআলিস্থিত কার্যালয়ৰ পৰা উভতি অহাৰ পথত সংঘটিত হয় এই ভয়ংকৰ দুর্ঘটনা৷ একে গাঁৱৰে চাৰিগৰাকীকৈ লোকে গাঁওবাসীৰ হৈ বিধায়কক লগ কৰিবলৈ গৈ মৃত্যুক সাবটি লোৱাৰ লগে লগে শিমলীবাৰী গাঁৱৰ লগতে বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰে৷ ইপিনে মৃত লোককেইজনৰ প্রতি সন্মান জনাই গাঁওবাসীয়ে আটাইকেইজনকে ৰাজহুৱা শ্মশানত একেলগে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰে৷

আনহাতে মৃত আটাইকেইজন লোক আর্থিকভাৱে দুর্বল পৰিয়ালৰ হোৱা বাবে চৰকাৰ তথা স্থানীয় বিধায়কক পৰিয়ালকেইটালৈ কিছু সকাহ প্রদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় গাঁওবাসীয়ে৷ মৃত লোককেইগৰাকীক শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে কলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু গোৰেশ্বৰ যুৱ ব্লক ইউ পি পি এলৰ সভাপতি সদানন্দ বডো, গোৰেশ্বৰ আঞ্চলিক আক্রাছুৰ সভাপতি শংকৰ ৰাজবংশীয়ে৷ ইপিনে এম্বুলেঞ্চৰ চালকজনে সুৰাৰ ৰাগিত মাতাল হৈ তীব্রবেগত গাড়ী চলোৱাৰ অভিযোগ উঠিছে৷ এম্বুলেঞ্চখনৰ সুৰামত্ত চালকৰ বাবেই এই শোকাৱহ দুর্ঘটনাটো সংঘটিত হ’ল বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ জানিব পৰা মতে, এম্বুলেঞ্চখনৰ পৰা আৰক্ষীয়ে সুৰাৰ বটল আৰু সুৰাৰ লগত খোৱা বুট–মুগু উদ্ধাৰ কৰিছে৷ ইপিনে বিধায়ক দিগন্ত কলিতাই এম্বুলেঞ্চৰ সুৰামত্ত চালকক কঠোৰতম শাস্তি বিহাৰ বাবে যাৱতীয় ধাৰা প্রয়োগ কৰিবলৈ আৰক্ষীক নির্দেশ দিছে৷

You might also like