বোকাজান নগৰ সমিতিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সমাজকৰ্মী বাবুৰাম বে’ৰ মৃত্যু; ৰেপিড টেষ্টত ক’ভিড পজিটিভ
পৰিয়ালৰ কেইবাজনো সদস্য আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ কাৰ্বি আংলং জিলাৰ বোকাজান নগৰৰ ১ নং ৱাৰ্ডৰ বাসিন্দা বিশিষ্ট জেষ্ঠ্য নাগৰিক, সমাজসেৱী, শিক্ষা-সংস্কৃতিপ্ৰেমী বাবুৰাম বে’ৰ মঙ্গলবাৰে নিশা ডিমাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। জানিব পৰা মতে বাবুৰাম বে’ কিছুদিনৰ পৰা মধুমেহ আৰু উচ্চ ৰক্তচাপ জনিত ৰোগত ভুগি থকাৰ বাবে ডিফুত চিকিৎসা গ্ৰহণ কৰিবলৈ যায়। চিকিৎসা গ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাত ডিফু চহৰত কৰ’নাৰ নডেল বিষয়াৰূপে কৰ্মৰত জেষ্ঠ পুত্ৰই বে’ক নিজ গৃহত থৈ যোৱাৰ কিছুদিনৰ পিছৰ পৰা তেখেতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ লয় আৰু ১৪ জুলাই তাৰিখে দিনৰভাগত উচ্চ ৰক্তচাপ জনিত ৰোগৰ আঘাত হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেখেতক ডিমাপুৰৰ ব্যক্তিগত চিকিৎসালয় নিক’ছত ভৰ্তি কৰাই। চিকিৎসকে তেখেতক ক’ভিড-১৯ ৰ ৰেপিড টেষ্ট কৰি চিকিৎসা প্ৰদান কৰে।
পৰৱৰ্তী সময়ত বাবুৰাম বে’ৰ ৰেপিড টেষ্টেৰ ফলাফল পজিটিভ আহে আৰু তেখেতৰ স্বাৱ সংগ্ৰহ কৰি টেষ্টেৰ বাবে প্ৰেৰণ কৰা হয়। কিন্তু ইয়াৰ মাজতেই মঙ্গলবাৰে নিশা প্ৰায় ১১ঃ৩০ বজাত তেখেতৰ মৃত্যু হোৱা বুলি চিকিৎসকে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে। আনহাতে বাবুৰাম বে’ ক’ভিডত আক্ৰান্ত হোৱাৰ সন্দেহ কৰি বোকাজান মহকুমা প্ৰশাসনে ১৬ জুলাই তাৰিখে তেখেতৰ পৰিয়ালৰ সকলো সদস্যৰে স্বাৱ সংগ্ৰহ কৰে আৰু কালি অৰ্থাৎ মংগল বাৰে ক’ভিড-১৯ ফলাফল পজিটিভ আহে। ক’ভিড আক্ৰান্ত ৬ গৰাকী সদস্য হৈছে ক্ৰমে তেখেতৰ পত্নী, দুগৰাকী ছোৱালী, নাতি, ঘৰতে থকা অন্য দুগৰাকী ছোৱালী। যদিও বাবুৰাম বে’ৰ স্বাৱৰ ফলাফল বৰ্তমানলৈ অহা নাই তথাপিও বোকাজান মহকুমা প্ৰশাসনে কৰ’নাৰ নীতি-নিয়মৰ মাজেৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰাৰ লগতে পৰিয়ালৰ কৰনাতংক ৬ গৰাকী সদস্যক চিকিৎসা প্ৰদানৰ বাবে ডিফু মেডিকেল কলেজ আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ১৯৫৭ চনৰ ২ ফ্ৰেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ৬৩ বছৰ বয়সীয়া সমাজকৰ্মী বাবুৰাম বে’ই মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, দুগৰাকী বোৱাৰী, তিনিগৰাকী ছোৱালী, নাতি, কেইবাজনো ভায়েককে ধৰি পৰিয়ালৰ বহু সদস্যক ইহসংসাৰত এৰি যায়। বাবুৰাম বে’ বোকাজান অঞ্চলৰ এজন সহজ সৰল পৰোপকাৰী ব্যক্তি তথা সমাজৰ সকলো কামতে আগৰণুৱা ব্যক্তি আছিল। তেখেতে বোকাজান বিলাতী মাটি কাৰখানাত প্ৰথমে জীৱিকাৰ পাতনি মেলে যদিও পৰৱৰ্তী সময়ত চাকৰিৰ পৰা স্বেচ্ছাই অব্যাহতি লৈ সক্ৰিয় ৰাজনীতিত প্ৰবেশ কৰে।
ৰাজ্যত অগপ চৰকাৰৰ শাসন কালত হিলছ প্লেনিং বৰ্ডৰ উপাধ্যক্ষৰ পদ অলংকৃত কৰিছিল বে’ ডাঙৰীয়াই। সুদীৰ্ঘকাল আঞ্চলিক দলটোৰ সৈতে জড়িত হৈ থকাৰ পিছত শেহতীয়াকৈ তেখেত বিজেপিৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে গেৰুৱা দলটোত যোগদান কৰে। বোকাজান মহকুমাৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ লগতে মহকুমাটোৰ সৃষ্টিত বাপুৰাম বে’ৰ অৰিহণা আছিল উল্লেখনীয়। তেখেত বোকাজান নগৰ সমিতিৰ প্ৰথমগৰাকী অধ্যক্ষ হোৱাৰ লগতে বোকাজান মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ আৰু উচ্চতৰ শাখাৰ বৰ্তমানৰ সভাপতিও আছিল সমাজকৰ্মী বাবুৰাম বে’। বাবুৰাম বে’ পাহাৰীয়া জিলাখনৰ ৰাজনীতিৰ এগৰাকী সুদক্ষ ৰাজনীতিবিদ আছিল আৰু তেখেতৰ মৃত্যুৱে পাহাৰীয়া ৰাজনীতিৰ এটা সুদীৰ্ঘ অধ্যায়ৰ অন্ত পেলালে। তেখেতৰ মৃত্যুত বোকাজানৰ লগতে কাৰ্বি আংলংৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে বোকাজান নগৰ সমিতিৰ প্ৰথমগৰাকী অধ্যক্ষ বাবুৰাম বে’ৰ মৃত্যুত তেখেতৰ প্ৰতি সন্মান জনাই বোকাজান পৌৰসভাই আজি দিনৰ ১২ বজাৰ পৰা ৫ বজালৈ পৌৰসভাৰ এলেকাৰ সমূহ দোকান-পোহাৰ, ব্যৱসায়-বাণিজ্য বন্ধ ঘোষণা কৰিছে।
আনহাতে কোনো ভ্ৰমণ বৃত্তান্ত নথকাকৈ বাবুৰাম বে’ৰ পৰিয়ালৰ ৬ গৰাকীকৈ লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাত এই ঘটনাই মহকুমাটো গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হোৱাৰ শংকা নামি আহিছে। গতিকে মহকুমাবাসী ভীতিগ্ৰস্ত নহৈ এতিয়াৰে পৰা অধিক সজাগ-সচেতন হোৱাৰ উপৰি সঠিকভাৱে মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ আৰু সামাজিক দুৰত্ব বজাই ৰাখি অধিক প্ৰয়োজনতহে ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ বোকাজান মহকুমা প্ৰশাসন, মহকুমা চিকিৎসা বিভাগ তথা মহকুমা আৰক্ষী প্ৰশাসনে ৰাইজলৈ অনুৰোধ জনাইছে।