নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপৰ বিল ভ্ৰমণকাৰীৰ বাবে সুখবৰ : এশ নাৱেৰে চলিব নৌকাবিহাৰ

নিয়মীয়া বাৰ্তা, ৩ফেব্ৰুৱাৰী : দীপৰ বিল ভ্ৰমণকাৰীসকলৰ বাবে আহিছে এক সুখবৰ। বিলত নাৱেৰে ভ্ৰমণৰ মাদকতা লোৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই অভিলাষী প্ৰকল্প। নাৱত উঠি নীলিম জলৰাশিৰ সৌন্দৰ্য সুধা পান কৰাৰ বাবে চৰকাৰৰ প্ৰকল্পৰ হেতু দীপৰ বিল চোৱাৰ আগ্ৰহীসকলক আৰু অধিক আগ্ৰহান্বিত কৰি তুলিব। অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্য তথা ৰামচাৰ চাইট খ্যাত দীপৰ বিললৈ অহা দেশী-বিদেশী পৰ্যটকে নাৱত উঠি পৰিভ্ৰমী পক্ষী জলকেলি আৰু সৌন্দৰ্য উপভোগ কৰিব পাৰিব ।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ উত্তৰণ আঁচনিৰ ১০কোটি,পৰ্যটন বিভাগৰ ৫কোটি আৰু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ৪ কোটি মুঠ ১৯ কোটি টকা ইতিমধ্যে দীপৰ বিলৰ পৰ্যটনৰ উন্নয়নৰ বাবে অনুমোদন হৈ আছিল। কিন্তু বন বিভাগ আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ বাধাৰ বাবে অনুমোদন হৈ থকা ধন ইমান দিনে কাৰ্যকৰী হোৱা নাছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে কালি পৰ্যটন মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা লগতে বন,বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰ্যটন বিভাগৰ শীৰ্ষতম বিষয়ৰ উপস্থিতিত দীপৰ বিলত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত বন আৰু বন্য প্ৰাণী সংৰক্ষণ বিভাগৰ সন্মতি মৰ্মে দীপৰ বিলক পৰ্যটনৰ আকৰ্ষণ স্থলী হিচাপে গঢ় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি দীপৰ বিলৰ বুকুত প্ৰায় ১০০খন House boat আৰু উন্নতমানৰ নৌকা বিহাৰৰ ব্যৱস্থা কৰা হব ।এই সিদ্ধান্তৰ ফলত স্থানীয় যুৱকৰ লগতে দাঁতিকাষৰীয়া লোকসকল লাভাণ্বিত হব বুলি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মত ব্যক্ত কৰে ।

You might also like