নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচশজনৰ ভেকচিনৰ দায়িত্ব ল’লে বিশ্বনাথৰ ধীৰাজ শর্মাই

নিয়মীয়া বাৰ্তা, ২১ মে: ক’ৰোনাৰ বিভীষিকাৰ মাজতে পাঁচ সহস্র ব্যক্তিৰ প্রতিষেধকৰ বাবে এইবাৰ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ আর্থিক সাহায্য আগবঢ়াইছে বিশ্বনাথৰ প্রতিষ্ঠিত ব্যৱসায়িক গোষ্ঠী সমীৰণ চাহ উদ্যোগ আৰু সমীৰণ ইনফ্রাষ্টাকচাৰ প্রাইভেট লিমিটেডৰ অন্যতম অংশীদাৰ ধীৰাজ শর্মাই৷ প্রতিটো পালিত আঠশ টকাকৈ মুঠ ৫০০ লোকৰ বাবে ৪ লাখ ২ হাজাৰ টকাৰ চেক প্রদান কৰিছে ব্যৱসায়িক গোষ্ঠীটোৱে৷

দৰিদ্রৰ প্রতি সততে সদয় সমীৰণ চাহ উদ্যোগৰ স্বত্বাধিকাৰ নৰেন শর্মা আৰু পুত্র ধীৰাজ শর্মাই ইতিমধ্যে ক’ৰোনাকালত সহায়ৰ হাত আগবঢ়াই অহাৰ লগতে অতি সম্প্রতি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানৰ প্রতি সঁহাৰি জনাই এইদৰে ৫০০ টিকাকৰণৰ দায়িত্ব কান্ধ পাতি লয়৷ উল্লেখ্য যে দীর্ঘদিন ধৰি এই অসমীয়া ব্যৱসায়ী পৰিয়ালটো ‘নিয়মীয়া বার্তা’ কাকতকে ধৰি আন কাকতৰো প্রতিষ্ঠিত বিতৰক৷ তদুপৰি একালৰ অভিজাত পুথি প্রকাশন গোষ্ঠী৷

You might also like