নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত গণৰাজ্য দিৱসত উত্তোলিত পতাকাক চৰম অৱমাননা

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : জাতিৰ স্বাভিমানৰ প্ৰতীক দেশৰ জাতীয় পতাকাখন চৰম অৱমাননাৰ সন্মুখীন হ’ল ধুবুৰীত। ২৬ জানুৱাৰীৰ দিনা দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ধুবুৰীৰ সমীপৱৰ্তী চহৰৰ পাৰ্শ্বৱৰ্তী পূৱ টিয়ামাৰীস্থিত এখন চৰকাৰী এল.পি. স্কুল চৌহদত উত্তোলিত কৰা জাতীয় পতাকা উত্তোলিত অৱস্থাতে থাকিল কেইবাদিনলৈ।

উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত ১৭৮২নং পূৱ টিয়ামাৰী এল. পি স্কুলৰ চৌহদত যোৱা ২৬ জানুৱাৰীৰৰ দিনা উত্তোলিত কৰা জাতীয় পতাকাখন উত্তোলিত অৱস্থাতে থকা কালি প্ৰত্যক্ষ কৰে অঞ্চলটোৰ একাংশই।

পিছত বিষয়টো অৱগত হৈ গৌৰীপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ স্কুলখনৰ চৌহদত কেইবাদিনৰ পৰা উত্তোলিত হৈ থকা জাতীয় পতাকাখন নিয়ম অনুসৰি সূৰ্য্যাস্তৰ পূৰ্বে কালি বিয়লিৰ ফালে অৱনমিত কৰে।

ইপিনে এখন চৰকাৰী বিদ্যালয়ত এইদৰে জাতীয় পতাকাখনক চৰম অৱমাননা কৰাৰ এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ স্কুল কৰ্তৃপক্ষৰ বিৰূদ্ধে বিহিত ব্যৱস্থা লোৱাটো কামনা কৰিছে স্থানীয় লোকে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like