ক’ভিড পৰিৱেশ উন্নত হোৱাৰ ল’গে ধুবুৰীত পুনৰ আৰম্ভ তীৰ নামৰ জুৱাবিধৰ
নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ:ধুবুৰীত পুনৰ আৰম্ভ হৈছে তীৰ নামৰ অবৈধ জুৱা বিধৰ ব্যাপক প্ৰচলন। উল্লেখ্য যে, ৮০ৰ দশকৰ পৰা ধুবুৰীত আৰম্ভ হোৱা এই জুৱা বিধ পিছলৈ গৈ ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্ততো ব্যাপক ৰূপে আৰম্ভ হৈছিল।
প্ৰথমাৱস্থাত গুৱাহাটীৰ খানাপাৰাৰ সমীপৰ মেঘালয়ৰ এটা অঞ্চলৰ পৰা নিয়ন্ত্ৰিত হোৱা “খানাপাৰা তীৰ” বুলি জুৱাৰীসকলৰ মাজত পৰিচিত তীৰৰ জুৱাবিধৰ প্ৰচলন ঘটিছিল। আনহাতে বিগত কেইবছৰৰ পৰা মেঘালয়ৰ পৰা নিয়ন্ত্ৰিত হোৱা ‘‘শ্বিলং তীৰ’’ নামৰ আন এবিধ তীৰৰ জুৱাও আৰম্ভ হৈছিল ধুবুৰীত। অৱশ্যে ক’ভিড মহামাৰীৰ বাবে উদ্ভৱ পৰিৱেশৰ বাবে ধুবুৰীত জুৱাবিধ মাজতে সাময়িক ভাৱে বন্ধ হৈ পৰিছিল যদিও বৰ্তমানে পুনৰ এই জুৱাবিধ ব্যাপক ভাৱে আৰম্ভ হোৱা বুলি প্ৰকাশ।
এক সূত্ৰযোগে জানিব পৰা মতে, কেৱল ধুবুৰী পৌৰসভা এলেকাকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী একাংশ অঞ্চল সাঙুৰি আছে অতি কমেও ১৮ ৰ পৰা ২০ গৰাকীকৈ তীৰৰ স্বয়ম্ভূ মালিক৷ আনকি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী একাংশ চৰাঞ্চলতো তীৰৰ ব্যাপক প্ৰচলন ঘটা বুলিও প্ৰকাশ। জানিব পৰা মতে, প্ৰতিগৰাকী তীৰৰ সেই মালিকৰ আছে অতি কমেও ১০ ৰ পৰা ১৫ গৰাকীকৈ নিজস্ব বুকি অৰ্থাৎ তীৰৰ টিকট বিক্ৰেতা। বুকী এজনেদৈনিক জুৱাৰীক বিক্ৰী কৰা ধনৰ ২০% কমিচনৰূপে লাভ কৰে মালিকৰ পৰা।
জানিব পৰা মতে, খানাপাৰা আৰু শ্বিলং –এই দুবিধ জুৱাৰেই আছে দুটাকৈ ৰাউণ্ড। প্ৰথম ৰাউণ্ড দুপৰীয়াৰ ফালে অনুষ্ঠিত হোৱাৰ বিপৰীতে বিয়লি ভাগত অনুষ্ঠিত হয় দ্বিতীয় ৰাউণ্ড। জুৱাৰীসকলে দুয়ো ৰাউণ্ডতেই ০ (শূণ্য) পৰা ৯৯ সংখ্যাৰ মাজৰ নিজৰ পছন্দ অনুসৰি সংখ্যাত ধন বিনিয়োগ কৰে। প্ৰতিটো ৰাউণ্ডতে ফলাফল ৰূপে অহা নম্বৰটো থাকিলে জুৱাৰী এজনে ১টকা বিনিয়োগ কৰি লাভ কৰে ৭২ টকা।
বুকী এজনে নিজৰ মালিকে প্ৰদান কৰা উকা কাগজৰ সৰু বহী এখনৰ পাতত তীৰৰ ৰাউণ্ড নম্বৰ, প্ৰতিটো ৰাউণ্ডত পছন্দৰ সংখ্যা আৰু সেই সংখ্যাবোৰৰ বিপৰীতে বিনিয়োগ কৰা কৰা ধনৰ পৰিমাণ লিখি প্ৰদান কৰে জুৱাৰীক। মোবাইল যোগেও চলে তীৰৰ নম্বৰৰ ক্ৰয়–বিক্ৰয় জুৱাৰী আৰু বুকীৰ মাজত। জুৱাৰীক তীৰৰ নম্বৰ বিক্ৰী কৰি সংগ্ৰহ কৰা ধন প্ৰতিদিন বিয়লিৰ ফালে নিজৰ নিজৰ মালিকৰ হাতত জমা দিব লাগে বুকী এজনে।
এইদৰে মাথো ১ টকাৰ বিনিময়ত ৭২ টকা পোৱাৰ আশাত বন্দী হৈ বহু লোকে তীৰৰ নামত দৈনিক খৰচ কৰে বহু টকা । এক অলীক সপোনৰ পিছপিনে দৌৰি একাংশ চৰকাৰী চাকৰিয়ালকে ধৰি দিন হাজিৰা কৰি কোনোমতে নিজৰ পৰিয়ালক পোহপাল দিয়া বহুলোকে নিজৰ কষ্টোপাৰ্জিত ধনৰ এটা বৃহৎ অংশ নষ্ট কৰে তীৰৰ জুুৱাত।
পিছে তীৰৰ এই জুৱাবিধৰ সৈতে জড়িত মূল পাণ্ডাসকলক কৰায়ত্ব কৰি ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত এইবিধ জুৱা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে প্ৰশাসন আৰু আৰক্ষীয়ে পদক্ষেপ লোৱাৰ বাবে দীৰ্ঘদিনৰ পৰাই মাত মাতি আহিছে বহুতেই। কিন্তু পৰিতাপৰ কথা এয়াই যে, মাজে সময়ে তীৰ বিৰোধী অভিযান চলাই সাধাৰণ বুকীক কৰায়ত্ব কৰিয়েই দায়িত্ব সামৰা দেখা গৈছে আৰক্ষীক। আজিলৈ ধুবুৰী অথৱা জিলাখনৰ কোনো প্ৰান্ততে তীৰৰ সৈতে জড়িত মূল মালিকসকলৰ এজনো আৰক্ষীৰ জালত পৰা দেখা নাই ৰাইজে। ফলত ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত সক্ৰিয় তীৰৰ মূল পাণ্ডাসকলোৰ সৈতে আৰক্ষীৰ এটা মহলৰ গোপন সম্পৰ্ক থকাৰো দীৰ্ঘদিনীয়া এক বু–বা আছে ৰাইজৰ মাজত।