ডিব্ৰুগড়ত ক’ৰোনাত আক্ৰান্ত একেটা পৰিয়ালৰে ৭জনকৈ লোক
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা। ডিব্ৰুগড়ৰ এজন ব্যৱসায়ীৰ পৰিয়ালৰ ৭জনকৈ লোক ক’ৰোনাত আক্ৰান্ত। ৰমেশ কেডিয়া নামৰ লোকজন আক্ৰান্ত হোৱাৰ পাছতে তেওঁৰ পৰিয়ালৰ ৬জনকৈ লোক আক্ৰান্ত হয় ক’ৰোনাত। আক্ৰান্তসকল সতীশ কেডিয়া, ভাগৱতী দেৱী কেডিয়া, ৰাধিকা কেডিয়া, জগীশ কেডিয়া, সুনীত কেডিয়া আৰু যুৱৰাজ কেডিয়া।
উল্লেখ্য যে ৰাধিকা কেডিয়াৰ বিবাহ উপলক্ষে ডিব্ৰুগড়ৰ এখন হোটেলত দিছিল পাৰ্টী। এই পাৰ্টীত উপস্থিত আছিল ৰাধিকাৰ প্ৰায় ২০ৰ পৰা ৫০জন বন্ধু। গতিকে হোটেলক কৰ্মচাৰীসকলো আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে। আনহাতে কন্যাৰ বিবাহৰ বাবে গুৱাহাটীলৈও আহিছিল ৰমেশ কেডিয়া। গতিকে ভয়াৱহ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে।
ইতিমধ্য়ে প্ৰশাসনে কোণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ডিব্ৰুগড়ৰ ৰমেশ কেডিয়া নামৰ লোকজনৰ বাসগৃহ। ব্যৱসায়িক প্ৰতিষ্ঠানখনো ইতিমধ্যে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।