ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক-স্নাতকোত্তৰ পৰীক্ষা স্থগিত
পৰৱৰ্ত্তী নিৰ্দেশনা নোহোৱালৈ বি টেকৰ পৰীক্ষা স্থগিত
নিয়মীয়া বাৰ্তা ২১এপ্ৰিলঃডিব্ ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুস্থিত হব লগীয়া স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা সমূহ স্থগিত ৰাখিছে বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড° পি কে কাকতিয়ে কালি নিশা এক নিৰ্দেশনা জাৰি কৰিছে।ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌৰ দ্ৰুত সংক্ৰমনৰ বাবে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভা আৰু বিভাগীয় প্ৰতিনিধিসকলৰ সৈতে হোৱা আলোচনামৰ্মে এই গুৰুত্বপূৰ্ণ সিধান্ত লোৱা হয় বুলি জানিবলৈ দিছে।
সেইমৰ্মে আজিৰ পৰা হ’ব লগীয়া পি জি পৰীক্ষাসমূহ পুনৰ জাননী নিদিয়া পৰ্যন্ত স্থগিত ৰখা হৈছে।তেনদৰে আজিৰে পৰা অনুস্থিত হ’বলগীয়া আণ্ডাৰ গ্ৰেজুৱেট প্ৰফেচনেল পৰীক্ষাসমূহ পুনৰ নিৰ্দেশনা নিদিয়া পৰ্যন্ত স্থগিত ৰখা হৈছে।লগতে বি টেক প্ৰাথ্যক্ৰমৰ অধীনত হৱলগীয়া ২২ আৰু ২৩ এপ্ৰিলৰ পৰীক্ষা স্থগিত ৰখা হৈছে।ইয়াৰ বিপৰীতে আণ্ডাৰ গ্ৰেজুৱেট প্ৰফেচনেল পৰীক্ষা বি এ, বি বি এ, বি কম,এল এল বি,বি এচ ডব্লিউৰ পৰীক্ষা পূৰ্বে নিৰ্ধাৰণ কৰা সূচীমতেই হ’ব।তেনদৰে বি এ, বি এছ চি আৰু বি কমৰ(ৱিবিচিএচ, নন-চিবিচিএচ)ৰ পৰীক্ষাসমূহ পূৰ্বে ঘোষিত সূচী মতেই হ’ব বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে জানিবলৈ দিছে।