নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী–ফুলবাৰী দলঙক লৈ উৎসৱমুখৰ আদাবাৰীঃ মোদীক ধন্যবাদেৰে মিঠাই বিতৰণ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্রখনত এক নতুন দিগন্তৰ সূচনা কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিল্লীৰ পৰা ভার্চুৱেল মাধ্যমযোগে বহুপ্রত্যাশিত ধুবুৰী–ফুলবাৰী দলঙৰ নির্মাণৰ শুভাৰম্ভ কৰে৷ এই উপলক্ষে ধুবুৰী চহৰৰ আদাবাৰীত আয়োজিত এখন বিশাল জনসভাত উপস্থিত থকা সহস্রাধিক লোকে  এই বিশেষ মুহূর্ত ডিজিটেল স্ক্রীনত প্রত্যক্ষ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে এই ভার্চুৱেল মাধ্যমত উপস্থিত থাকে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰি, মন্ত্রী ৰবিশংকৰ প্রসাদ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷

ইয়াৰ পূর্বে দলংখনৰ নির্মাণৰ কামৰ ভূমি পূজন আৰু আধাৰশিলা কার্যসূচী ভিডিঅ’ কনফাৰেঞ্চযোগে প্রত্যক্ষ কৰে প্রধানমন্ত্রী মোদীকে ধৰি বিশিষ্ট ব্যক্তিসকলে৷ ইফালে আদাবাৰীত আয়োজিত বিশাল জনসভাক সম্বোধি ৰাজ্যৰ উদ্যোগ আৰু পৰিবহণ বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ মন্তব্য– নামনি অসমৰ বাবে আজি এক ঐতিহাসিক দিন৷ আজি আমি গৌৰৱেৰে ক’ব পাৰোঁ যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস এই নীতিৰ আধাৰতে প্রায় পাঁচ হাজাৰ কোটি টকা খৰচ কৰি দেশৰ ভিতৰতে সর্ববৃহৎ দলঙৰ নির্মাণকার্য আৰম্ভ হ’ল৷ মন্ত্রী পাটোৱাৰীয়ে কয় যে শীঘ্রেই অনাগত দিনত ধুবুৰী, যোগীঘোপা আৰু গোৱালপাৰা অসমৰ আটাইতকৈ গুৰুত্বপূর্ণ স্থানৰ ভিতৰত মর্যাদা পাব৷

দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত এনেবোৰ আন্তঃগাঁথনি উন্নয়নেৰে অসমে স্থান পোৱাটো নিশ্চিত৷ ভাষণত উদ্যোগমন্ত্রীগৰাকীয়ে কয় যে ইতিমধ্যে নির্মাণ হৈ উঠা ৰূপসী বিমানবন্দৰটো ক’ভিডৰ বাবে খুলি দিয়া হোৱা নাই যদিও অতি সোনকালে বিমানবন্দৰটো মুকলি কৰা হ’ব৷ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰা ৰাজ্যৰ চাৰিখন অত্যাধুনিক ৰ’–পেক্স জাহাজৰ এখন ধুবুৰী আৰু দক্ষিণ শালমৰা–মানকাচৰ জিলাৰ হাটশিঙিমাৰীলৈ চলাচল কৰিব বুলিও পাটোৱাৰীয়ে ঘোষণা কৰে৷ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ জলসিঞ্চন মন্ত্রী ভবেশ কলিতাই নিজৰ ভাষণত প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে ধুবুৰী–মেঘালয়ৰ ফুলবাৰীৰ মাজত এই দলংখন নির্মাণ কৰাৰ বাবে ২০০৯ চনতে সাংসদ বদৰুদ্দিন আজমলে কৰা অনুৰোধ প্রত্যাখ্যান কৰিছিল বুলি উল্লেখ কৰে৷

ইয়াৰ বিপৰীতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম তথা উত্তৰ–পূবৰ প্রতি থকা গভীৰ ভালপোৱাৰ বাবে এনেধৰণৰ বৃহৎ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব দি আহিছে৷ অনুষ্ঠানত ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে তেওঁৰ ভাষণত কয় যে ধুবুৰী–ফুলবাৰীৰ মাজত দলং এখন নির্মাণ কৰাৰ তেওঁৰ দীর্ঘদিনীয়া দাবী পূৰণ হোৱাৰ বাবে আনন্দিত হৈছে৷ তাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে৷ এই শুভাৰম্ভ অনুষ্ঠানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰীৰ লগতে ৰাজ্য চৰকাৰ আৰু ধুবুৰী জিলা প্রশাসনৰ কেইবাজনো উচ্চপদস্থ বিষয়াৰ লগতে চুবুৰীয়া মেঘালয়ৰ একাংশ বিধায়ক উপস্থিত থাকে৷

তদুপৰি অনুষ্ঠানত ধুবুৰী জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্ন্যাল, জিলাখনৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ প্রাক্তন বিধায়ক বনেন্দ্র কুমাৰ মুছাহাৰীকে ধৰি কেইবাজনো লোক উপস্থিত থাকে৷ উল্লেখ্য যে দীঘলীয়া প্রতীক্ষাৰ অন্তত আজি ধুবুৰী–ফুলবাৰী দলং নির্মাণৰ কামৰ শুভাৰম্ভ হোৱাৰ পাছত এতিয়া আনন্দৰ জোৱাৰ দেখা গৈছে ধুবুৰীসহ পশ্চিম অসমৰ জনসাধাৰণৰ মাজত৷ এই দলঙৰ নির্মাণে নামনি অসমকে ধৰি চুবুৰীয়া মেঘালয়, পশ্চিম গাৰোপাহাৰ জিলাকে ধৰি পশ্চিমবংগৰ উত্তৰ বংগৰ মাজত বাণিজ্যিক সম্পর্কত এক সুদূৰপ্রসাৰী প্রভাৱ পেলাব৷ তদুপৰি বাংলাদেশ আৰু ভূটানৰ মাজত সামগ্রী আমদানিত যথেষ্ট সুচল হ’ব৷

You might also like