নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দোতমা সমূহীয়া চিকিৎসালয়ত চিকিৎসক-নাৰ্ছৰ গছপুলি ৰোপণ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ। কোকৰাঝাৰ জিলাৰ দোতমা সমূহীয়া চিকিৎসালয় চৌহদতো চিকিৎসক-নাৰ্ছসকলে গছপুলি ৰোপণ কৰি বিশ্ব পৰিবেশ দিবস পালন কৰে। আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি দোতমা সমূহীয়া চিকিৎসালয়ৰ সমূহীয়া ভৱনত চিকিৎসালয়খনৰ চিকিৎসাৰত ৰোগীৰ অভিভাৱকসকলৰ লগতে নাৰ্ছৰ উপৰি বিভিন্ন দপ্তৰৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত এক সজাগতা সভাও অনুষ্ঠিত কৰে। উক্ত সজাগতা সভাত উপস্থিত থাকে চিকিৎসক ডা: বলোৰাম বৰ্মন, ডা: লুতফৰ ৰহমান, ডা: আলী, স্থানীয় সমাজসেৱক শংকৰলাল ব্ৰহ্ম, ৰূপম ব্ৰহ্ম, প্ৰাক্তন এমচিএলএ ইন্দ্ৰমোহন ব্ৰহ্ম ৰ লগতে দোতমা আঞ্চলিক এবছুৰ সভাপতি আদি। চিকিৎসালয় চৌহদতত কেইবাশ গছপুলি ৰোপন কৰি পৰিবেশ আৰু স্বাস্থ্যৰ ওপৰত লক্ষ্য কৰি সকলোকে গছ পুলি ৰোপন কৰিবলৈ আহ্বান জনায়। বডোফা ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ত বৃক্ষৰোপণেৰে বিশ্ব পৰিবেশ দিবস পালন ইপিনে আজি পুৱা ১০ বজাত দোতমাস্থিত বডোফা ইউ এন মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁ‌চনি গোট (এন এস এস), মহাবিদ্যালয়ৰ ইকো ক্লাবৰ দ্বাৰা আৰু অসম কলেজ শিক্ষক সংস্থা, ২য় মণ্ডলৰ সহযোগত মহাবিদ্যালয় প্ৰাংগণ আৰু মহাবিদ্যালয়ে তুলি লোৱা ৮২৩নং গ’মাবিল প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এক বৃক্ষৰোপণ আৰু ইয়াৰ প্ৰতিপালন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ চিলাৰাই মুচাহাৰীয়ে এইবাৰৰ বিশ্ব পৰিবেশ দিবসৰ মুল বিষয়বস্তু “ভূমি পুনৰুদ্ধাৰ, মৰুভূমিকৰণ আৰু খৰাং প্ৰতিৰোধ ক্ষমতা”ৰ ওপৰত এক চিত্তাকৰ্ষক বক্তৃতা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়ে। ইয়াৰ পাছত প্ৰায় পঞ্চাশডাল ফল-মূল আৰু ওষধি গছৰ পুলি ৰোপণেৰে বিশ্ব পৰিবেশ দিবস পালন কৰা হয়।এন এছ এছৰ আঁ‌চনি বিষয়া ড° শশাঙ্ক শেখৰ শৰ্মাৰ নেতৃত্বত হোৱা অনুষ্ঠানটিত এন এছ এছৰ স্বেচ্ছাসেৱী, ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° দেৰসিন দৈমাৰী, আভ্যন্তৰিণ মান নিৰূপণ কোষৰ সহ- সমন্বয়ক ড° কমল কুমাৰ ব্ৰহ্ম, মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমন্বয়ক মুকুট চন্দ্ৰ কলিতা, গমাবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহন্ত কুমাৰ ব্ৰহ্ম, চি আৰ চি চি, ভুবেশ ৰায় সমন্বিতে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like