দদৰা–শিঙিমাৰী চিকিৎসালয়ত ডায়েলাইছিছ কেন্দ্র–আইচিইউ মুকলি
শুৱালকুছিত শীঘ্রে ইঞ্জিনীয়াৰিং কলেজৰ শিলান্যাসঃড০ শর্মা
নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ দদৰা–শিঙিমাৰী আদর্শ চিকিৎসালয়ত এটি বিনামূলীয়া ডায়েলাইছিছ কেন্দ্রৰ লগতে ১৮খন বিছনাযুক্ত আই চি ইউ মুকলি কৰা হয়৷ অসমৰ স্বাস্থ্য, বিত্ত আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে আবেলি দদৰা–শিঙিমাৰী আদর্শ চিকিৎসালয়ত ডায়েলাইছিছ কেন্দ্র আৰু আই চি ইউ মুকলি কৰে৷ এই উপলক্ষে অনুষ্ঠিত সভাত স্থানীয় বিধায়ক তথা মন্ত্রী ড০ শর্মাই শিঙিমাৰী আদর্শ হাস্পতালখনক দদৰা–শিঙিমাৰী আদর্শ হাস্পতাল নামেৰে নামকৰণ কৰিবলৈ কামৰূপ জিলা উপায়ুক্তক আহ্বান জনাই যাতে দদৰা–শিঙিমাৰী অঞ্চলৰ ৰাইজে নিজৰ নিজৰ অনুষ্ঠান বুলি অনুভৱ কৰে৷
লগতে তেওঁ কয় যে আজিৰ পৰা হাজো আৰু জালুকবাৰী সমষ্টিৰ লোকে ডায়েলাইছিছ কৰিবলৈ গুৱাহাটীলৈ যাব নালাগে৷ দুদিনৰ পিছত ইয়াতেই ডায়েলাইছিছ ব্যৱস্থা কৰা হ’ব বুলি কয়৷ চৰকাৰ আৰু এপল’ হাস্পতালৰ সৈতে হোৱা চুক্তি মতে চিকিৎসালয়খনত এপল’ হাস্পতালৰ চিকিৎসক থাকিব আৰু ইয়াত ডায়েলাইছিছ সম্পূর্ণ বিনামূলীয়া হ’ব৷ আনহাতে, এমাহৰ পিছতে ইয়াতে অত্যাধুনিক ১৮খন বিছনাযুক্ত আই চি ইউৰ ব্যৱস্থা কৰা হ’ব৷ ২৫ ফেব্রুৱাৰীৰ পূর্বে দলিবাৰীত মন্ত্রী কেশৱ মহন্তৰ সৈতে প্লেনেট’ৰিয়ামৰ আধাৰশিলা স্থাপন কৰিব বুলিও অনুষ্ঠানত উল্লেখ কৰাৰ লগতে অহা ২৫ তাৰিখৰ আগত শুৱালকুছিত প্রস্তাৱিত ইঞ্জিনীয়াৰিং কলেজৰো আধাৰশিলা হ’ব৷ ২২ ফেব্রুৱাৰীত লখিমপুৰত প্রধানমন্ত্রীয়ে ইঞ্জিনীয়াৰ কলেজৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনাও সভাত তেওঁ ব্যক্ত কৰে৷ কেইবাদিনৰ ভিতৰত জালুকবাৰী সমষ্টিত কেইবাখনো অনুষ্ঠানৰ আধাৰশিলাও হ’ব বুলি তেওঁ ব্যক্ত কৰে৷ ভাষণত তেওঁ আমিনগাঁৱত এখন কর্কট হাস্পতাল নির্মাণৰো চিন্তা–চর্চা কৰা বুলি উল্লেখ কৰে৷ সভাত কামৰূপৰ উপায়ুক্ত কৈলাশ কার্তিক এন আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷