নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শক্তিপীঠৰ পৰাই আৰম্ভ হ’ল ড০ হিমন্ত বিশ্ব শর্মাৰ বিজয় যাত্রা

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ শক্তিপীঠ কামাখ্যাত সেৱা লৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আৰম্ভ কৰিলে সমাগত ২০২১ চনৰ বিধানসভা নির্বাচনৰ বিজয় যাত্রা৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্রাক্মুহূর্তত মন্ত্রীগৰাকীয়ে শুকুৰবাৰে উত্তৰ গুৱাহাটীস্থিত দৌলগোবিন্দ মন্দিৰত পুৱাৰ ভাগতে পূজা–অর্চনা আগবঢ়ায়৷ তাৰ পাছত তেওঁ সপৰিয়ালে উপস্থিত হয় কামাখ্যা মন্দিৰত৷ মহামায়া কামাখ্যা মন্দিৰত আশীর্বাদ লৈ মন্ত্রী ড০ শর্মাই মনোনয়ন–পত্র দাখিলৰ বাবে আগবাঢ়ে৷

জালুকবাৰী সমষ্টিৰ বাবে ক্রমাগত ষষ্ঠবাৰৰ বাবে মনোনয়ন দাখিলৰ প্রাক্মুহূর্তত মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে জালুকবাৰী সমষ্টিৰ বাবে কৰিবলগীয়া বিশেষ কাম সাধাৰণতে নাথাকে৷ কিন্তু সমষ্টিটোক লৈ অনেক সপোন আছে৷ গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলংখন সম্পূর্ণ কৰা, মালিগাঁৱৰ উৰণীয়া সেতুৰ নির্মাণ সম্পূর্ণ কৰা, কামাখ্যাৰ বিকল্প পথ সময়মতে নির্মাণ কৰি উলিওৱাৰ সপোন আছে৷ তদুপৰি শুৱালকুছি আৰু পলাশবাৰী সংযোগ হোৱাকৈ ব্রহ্মপুত্রৰ ওপৰত এখন নতুন দলং নির্মাণৰ কথাও ভবা হৈছে৷ একে সময়তে এইমছৰ নির্মাণো সম্পূর্ণ কৰিব লাগিব৷ এই সকলো কাম অহা ৫ বছৰৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা হৈছে৷ জালুকবাৰী সমষ্টিক কেৱল অসমৰে নহয়, সমগ্র ভাৰতবর্ষৰ ভিতৰত বিকশিত সমষ্টিত পৰিণত কৰাৰ সপোনৰ বিষয়ে উল্লেখ কৰি মন্ত্রীগৰাকীয়ে এইবাৰ নির্বাচনত ১.৫০ লাখ ভোটত বিজয় সাব্যস্ত কৰিব বুলিও মন্তব্য কৰে৷

ড০ হিমন্ত বিশ্ব শর্মাই লগতে কয় যে জালুকবাৰী সমষ্টিত ১৯৯৬ চনত প্রথমবাৰ প্রতিদ্বন্দ্বিতা কৰোঁতে মাত্র কেইহাজাৰমান ভোটৰ ব্যৱধানত তেওঁ পৰাজিত হৈছিল৷ ইয়াৰ পাছত ২০০১ চনত ১২ হাজাৰ, ২০০৬ চনত ৪২ হাজাৰ, ২০১১ চনত ৬৮ হাজাৰ আৰু ২০১৬ চনত ৮২ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰে৷ সমষ্টিবাসী ৰাইজে ক্রমাগতভাৱে ভবাতকৈ বেছিকৈ আশীর্বাদ দি আহিছে৷ এইবাৰো ৰাইজে হিয়া উজাৰি আশীর্বাদ দিয়াৰ সিদ্ধান্ত লৈছে৷ গতিকে এইবাৰ জালুকবাৰীৰ ২.০২ লাখ ভোটাৰৰ ভিতৰত ১.২০ লাখৰ পৰা ১.৫০ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি মন্ত্রীগৰাকীয়ে আশা ব্যক্ত কৰে৷ প্রতিদ্বন্দ্বী প্রার্থীসকলক জালুকবাৰীলৈ আমন্ত্রণ জনাই তেওঁ কয় যে এটা সমষ্টি কেনেদৰে বিকশিত হয়, সেয়া চাবলৈ তেওঁলোক জালুকবাৰীলৈ আহিব পাৰে৷ এটা সমষ্টি কেনেদৰে এটা পৰিয়াললৈ ৰূপান্তৰ হ’ব পাৰে, এজন বিধায়কক কেনেদৰে সকলোৱে নিজৰ মানুহ বুলি ভাবিব পাৰে, সেয়া জালুকবাৰীলৈ আহিলে দেখা পাব আৰু ভৱিষ্যতে ৰাজনীতি কৰিবলৈ প্রেৰণা পাব৷

উল্লেখ্য যে শুকুৰবাৰে পত্নী ৰিণিকি ভূঞা শর্মা আৰু পুত্রৰ সৈতে কামাখ্যা মন্দিৰত উপস্থিত হোৱাৰ সময়ত অসংখ্য ভক্ত আৰু অনুৰাগীয়ে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আদৰণি জনায় আৰু সমাগত নির্বাচনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷ অনুৰাগী, সমর্থকৰ পাৰভগা উছাহ–শুভেচ্ছা আৰু মহামায়া কামাখ্যাৰ আশীর্বাদ শিৰত লৈ ড০ হিমন্ত বিশ্ব শর্মা আগবাঢ়ে তেওঁৰ ৰাজনৈতিক জীৱনৰ আন এটা নতুন ইনিংছৰ বাবে৷ জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে বিগত চাৰিটাকৈ সফল কার্যকালৰ পাছতো অপ্রতিৰোধ্য হৈ ৰৈছে মন্ত্রীগৰাকী৷ পুনৰ এটা কার্যকালৰ বাবে জালুকবাৰীৰ ৰাইজে যে ড০ শর্মাকে দায়িত্ব দিবলৈ আগবাঢ়িছে, সেয়া মনোনয়ন যাত্রাৰ জনস্রোতেই প্রমাণ কৰি দেখুৱালে৷ প্রিয় নেতাগৰাকীৰ মনোনয়ন দাখিলৰ মুহূর্তত সংগ দিবলৈ কালি পুৱাৰে পৰা জালুকবাৰী আৰু অন্যান্য প্রান্তৰ ৰাইজ মহানগৰীৰ সোণাৰাম হাইস্কুলৰ খেলপথাৰলৈ ৰাওনা হয়৷

স্বতঃস্ফূর্তভাৱে ওলাই অহা জনতাৰ সোঁতে দুপৰীয়াৰ ভাগলৈ জনপ্লাৱনৰ ৰূপ লয়৷ চাৰিওফালে দেখা গ’ল সমর্থক–নুৰাগীৰ আত্মবিশ্বাস ভৰা উছাহ৷ এক অভাৱনীয় আৰু অভূতপূর্ব জনসমুদ্রৰ সীমাহীন সঁহাৰিৰ মাজেৰে কালি মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ত মনোনয়ন–পত্র দাখিল কৰে ড০ হিমন্ত বিশ্ব শর্মাই৷ মহানগৰৰ ৰাজপথত আজিৰ দৃশ্যই সমাগত নির্বাচন সন্দর্ভত যেন বহু কথাই কৈ গ’ল৷

You might also like