নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মাৰ নেতৃত্বত দ্রুত উন্নয়নৰ দিশে অসম

উপ–নির্বাচনৰ ৰণডংকা বিজেপিৰঃ থাওৰাত ১৪টা পথৰ শিলান্যাস মন্ত্রী পীয়ূষৰ

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ সুশান্ত বৰগোহাঁয়ে থাওৰা সমষ্টিৰ উপ–নির্বাচনত এইবাৰ পোন্ধৰ হাজাৰ ভোটত জয়লাভ কৰিব৷ ৰাইজৰ দলে উপ–নির্বাচনত আমাক ভোটৰ ব্যৱধান বৃদ্ধি কৰাত সহায়হে কৰিব৷ এই মন্তব্য জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাৰ৷ থাওৰা সমষ্টিত আজি ১৪টা পথৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে মন্ত্রী হাজৰিকাই৷ পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্রী হাজৰিকাই কয় যে সুশান্ত বৰগোহাঁয়ে বিজেপিত যোগদান কৰাৰ পাছত থাওৰা সমষ্টিত কংগ্রেছ একেবাৰে শেষ হ’ল৷

সতীর্থ মন্ত্রী যোগেন মহন, সাংসদদ্বয় প্রদান বৰুৱা আৰু তপন কুমাৰ গগৈ, বিধায়ক ভুবন পেগু, থাওৰা সমষ্টিৰ প্রাক্তন বিধায়কদ্বয় সুশান্ত বৰগোহাঁই আৰু কুশল দুৱৰীৰ উপস্থিতিত পথৰ আধাৰশিলা স্থাপন কৰি মন্ত্রীগৰাকীয়ে অনুষ্ঠানত কয় যে সাংসদ তপন কুমাৰ গগৈয়ে প্রাক্তন বিধায়কদ্বয় কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁইৰ লগ হৈ মুখ্যমন্ত্রীৰ পৰা থাওৰা সমষ্টিৰ পথ আৰু দলং নির্মাণৰ বাবে বিগত এটা মাহত প্রায় ৫৩ কোটি টকাৰ পেকেজ লাভ কৰিবলৈ সক্ষম হৈছে৷ সমষ্টিবাসীৰ বাবে এয়া এক উল্লেখযোগ্য খবৰ বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমে দ্রুত উন্নয়নৰ দিশে গতি কৰিছে৷ থাওৰা সমষ্টিত প্রায় ১৫ কোটি টকাৰ পকা মথাউৰি আৰু প্রায় ১২ কোটি টকাৰ এক ষ্টেডিয়াম নির্মাণৰ বাবেও চৰকাৰে পদক্ষেপ গ্রহণ কৰা বুলি মন্ত্রী হাজৰিকাই উল্লেখ কৰে৷ লক্ষণীয় যে দিনজোৰা কার্যসূচীৰে মন্ত্রীগৰাকীয়ে থাওৰা সমষ্টিৰ বিভিন্ন স্থানত ১৪টা স্থানত পথ পকীকৰণৰ আধাৰশিলা স্থাপন কৰে৷

উক্ত পথকেইটা হৈছে – বকতা বাঁহগডৰ পৰা আহোম গাঁও পথ (১.০৫ কিঃমিঃ), জৱলাটিঙৰপৰা কুটুহাগুৰি পথ (১.৭০ কিঃমিঃ), খামুন পথৰ পৰা পটিয়া গাঁও হৈ নেমুগুৰি খৰাহাট সংযোগী পথ (২.০৬ কিঃমিঃ), দিৰৈটিং বাগানৰ পৰা বৰপিয়াল হাবি হৈ হলঙনি পথ (২.৬৫ কিঃমিঃ), ডিমৰুগুৰি গাঁৱৰ পৰা চেপন চূণপোৰা সংযোগী পথ (১.৭৫ কিঃমিঃ), তেতেলীতল তিনিআলিৰ পৰা হলগুৰি তিনিআলিলৈ (৯.০৩ কিঃমিঃ, আৰ আই ডি এফ), ডিমৌ পলিটেকনিক হৈ কুচুমাৰী পথ (১.০৩ কিঃমিঃ), কলিয়াপানী ফিল্ড পথ হৈ মধুপুৰ সংযোগী পথ (১.৪৭ কিঃমিঃ), ৩৭নং ঘাইপথৰ পৰা মাজাৰ শ্বৰীফলৈ যোৱা পথ (১.৭০ কিঃমিঃ), পালেঙী কেঁচুৱনী পথ (১.৫৫ কিঃমিঃ), ধ্যান চাৰিআলিৰ হৈ চমৰাজান পথ (২.৩০ কিঃমিঃ), ধোন্দৰমুখ সন্দিকৈ পথ (২ কিঃমিঃ), কছাৰী পথাৰৰ হৈ নিগনিঘাট পথ (১.১৫ কিঃমিঃ) আৰু গজালি গাঁও সংযোগী পথ (০.৮০ কিঃমিঃ)৷

You might also like