আদিবাসীৰ পিতামহ জাষ্টিন লাক্ৰাৰ পঞ্চম মৃত্যু বাৰ্ষিকী পালন দুলীয়াজান আছাৰ
নিয়মীয়া বাৰ্তা, ১৩ জুলাই : সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ প্ৰতিষ্ঠাপক সভাপতি তথা আদিবাসীৰ জাতীয় পিতামহস্বৰূপ প্ৰয়াত জাষ্টিন লাক্ৰাৰ পঞ্চম মৃত্যু বাৰ্ষিকী সমগ্ৰ ৰাজ্যৰ লগতে দুলীয়াজানতো সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি অনুষ্টুপীয়াকৈ পালন কৰে দুলীয়াজান আঞ্চলিক সমিতিয়ে ।
দুলীয়াজান আঞ্চলিক সমিতি আছাৰ উদ্যোগত মধুটিং শ্ৰমিক ক্লাবৰ প্ৰাঙ্গনত আয়োজন কৰা এই অনুষ্ঠানত আদিবাসী জনগোষ্ঠীৰ উন্নয়ণ আৰু বিকাশৰ প্ৰতি জীৱন উৎসৰ্গিত জাষ্টিন লাক্ৰাৰ জীৱন-দৰ্শন সম্পৰ্কে আলোকপাত কৰা হয় । ১৯৯৬ চনত ২ জুলাইত তেখেতৰ সন্মুখ নেতৃত্বত আছা সংগঠনটো প্ৰতিষ্ঠা হোৱাৰ লগতে সেই সময়ত নামনি অসমত বড়ো আদিবাসী সম্প্ৰদায়ৰে হোৱা গোষ্ঠী সংঘৰ্ষত নিজে সংগঠনটোৰ সভাপতিৰ দৰে গুৰু দায়িত্ব গ্ৰহণ কৰি প্ৰৱল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷
জাষ্টিন লাক্ৰাৰে অসমৰ সমগ্ৰ আদিবাসী জনগোষ্ঠীটোক একত্ৰিত কৰি বিভিন্ন সমস্যা সমূহ সমাধানৰ বাবে সজোৰে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল ৷ আপোচবিহীন সংগ্ৰামৰ বাবে পিতামহ স্বৰূপ জাষ্টিন লাক্ৰা কেৱল আদিবাসী সমাজতে নহয় সমগ্ৰ অসমীয়া সমাজতে পৰিচিত হৈছিল ।
আজি পঞ্চম মৃত্যু বাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি তেখেতক সশ্ৰদ্ধে সোঁৱৰে ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মনোজ উৰাং, দুলীয়াজান আঞ্চলিকৰ সম্পাদক নিকলাছ উৰাং, আঞ্চলিকৰ উপদেষ্টা ক্ৰমে অমল কুমাৰ হৰ, আবদান নাগ, কৃষ্ণ ভূমিজ, মঞ্জিত কেৰ্কেটা সহ আঞ্চলিকৰ অন্যান্য বিষয়ববীয়া সকলে ।