দুলীয়াজানৰ প্ৰথম গৰাকী ক’ভিড ৰোগীৰ মৃত্যু; বৃক্ক সংৰোপনৰ পাছতেই ক’ভিডত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ১৭ জুলাই : দুলীয়াজানৰ আজি প্ৰথম গৰাকী ক’ভিড ৰোগীৰ মৃত্যু ঘটিছে । দুলীয়াজানৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী আৰু সৰবৰহী ব্যক্তি দিলীপ ফুকনৰ (৫৯) আজি দিনৰ ১২ বাজি ১৫ মিনিটত কলকতাস্হিত টেগৰ হাস্পতালত মৃত্যু হয় । আত্মীয়ৰ সূত্ৰ অনুসৰি দীৰ্ঘসময়ৰ পৰা ব্যক্তিগৰাকীয়ে বৃক্কজনিত ৰোগত কলকতাত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্হাত শেহতীয়াকৈ ক’ভিড পজিটিভ লক্ষণে ধৰা দিয়ে । লগে লগে তেখেতক বিশেষ ৱাৰ্ডলৈ স্হানান্তৰ কৰাৰ পাছতেই দ্ৰুতগতিত স্বাস্হ্যৰ অৱনতি ঘটি মৃত্যুক আকোঁৱালি লয় ।
ইতিমধ্যে মৃত্যুৰ প্ৰায় ৯ দিন পূৰ্বেই সুকলমে তেখেতৰ বৃক্ক সংৰোপন কৰা হৈছিল । দিলীপ ফুকন দুলীয়াজান অঞ্চলৰ এগৰাকী ক্ৰীড়ানুৰাগীৰ লগতে দুলীয়াজান ক্ৰীড়া সন্হাৰ প্ৰাক্তন কোষাধ্যক্ষ আছিল ।
মৃত্যুৰ সময়ত ব্যক্তিগৰাকীয়ে সহধৰ্মিণীসহ পো-কন্যা আৰু বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি যায় । দুলীয়াজান হুকুটা চাৰিআলিৰ বাসিন্দা দিলীপ ফুকনৰ মৃত্যুত স্হানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে গুণমুগ্ধসকলে শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।