নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ ম’হমাৰী মেৰবিলত ছাত্ৰ সন্থাৰ বিজ্ঞানসন্মত হাঁহ-কুকুৰা পালনৰ থলুৱা প্ৰকল্পৰ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৪ জুন — দুলীয়াজানৰ উপকন্ঠ অঞ্চল ম’হমাৰী মেৰবিলত  ছাত্ৰ কৰ্মীৰ তত্ত্বাৱধানত গঢ় লৈ উঠা বিজ্ঞানসন্মত হাঁহ-কুকুৰা পালনৰ চতুৰ্থটো থলুৱা প্ৰকল্পৰ কালি বুধবাৰে শুভ উদ্বোধন কৰা হয় । প্ৰকল্প উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । এই প্ৰকল্প উদ্বোধন কৰি আছু নেতা গৰাকীয়ে কয় — “অৰ্থনৈতিক বিপ্লৱৰ যোগেদি সকলো ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীক অংশীদাৰ কৰি আগবঢ়ায় লৈ যোৱাৰ পৰিকল্পনা আমি হাতত লৈছোঁ । সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথৰ আন্দোলন, শৈক্ষিক আন্দোলন আৰু অৰ্থনীতিক আন্দোলন এই তিনিওটা সামঞ্জস্য কৰি একেলগে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে । এইক্ষেত্ৰত ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ সহাঁৰিয়ে কেন্দ্রীয় নেতৃবৃন্দক যথেষ্ট উৎসাহিত কৰিছে।” সেইদৰে অনাগত দিনত এই যাত্ৰা অব্যাহত থাকিব আৰু ইয়াৰ দ্বাৰাই অসমীয়া জাতিটো চহকী হ’ব বুলি আশাবাদী আছুৰ নেতা শংকৰজ্যোতি বৰুৱা । ইতিমধ্যে ছাত্ৰ সন্হাৰ দ্বাৰা ডিব্ৰুগড় জিলাৰ লেজাইত তাঁত-শালৰ প্ৰকল্প, মাইজানত বায়’ফ্লক পদ্ধতিৰে থলুৱা মৎস্য উৎপাদন আৰু দুলীয়াজানৰ ভাদৈ পাঁচআলিত বিজ্ঞানসন্মত গাহৰি প্ৰকল্প শুভ উদ্বোধন কৰা হৈছে ।

You might also like