নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান ৰটাৰী ক্লাৱৰ ৩৫ সংখ্যক ইনষ্ট’লেশ‍্যন সমাৰোহ

নিয়মীয়া বাৰ্তা, ৬ জুন : সাম্প্ৰতিক ক’ভিড -১৯ মহামাৰী সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সকলো চৰকাৰী নীতি-নিৰ্দেশনা অনুযায়ী সীমিত সংখ্যক সদস‍্যৰ উপস্হিতিত দুলীয়াজান ৰ’টাৰী কমিউনিটি প্ৰেক্ষাগৃহত ৰটাৰী ক্লাৱৰ ৩৫ সংখ্যক ইনষ্ট’লেশ‍্যন সমাৰোহখনি কালি অনুষ্ঠিত হৈ যায় । এই অনুষ্ঠানত পোন প্ৰথমবাৰৰ বাবে জুম ডিজিটেল মাধ্যমৰ জৰিয়তে শিলিগুৰিৰ পৰা ৰ’টাৰী ইন্টাৰনেশ‍্যনেল ৩২৪০ জিলাৰ গভৰ্ণৰ সুভাশীষ চেটাৰ্জী আৰু তেজপুৰৰ পৰা প্ৰাক্তন গভৰ্ণৰ সুনিল শ্ৰুফে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে । সভাত ৰ’টাৰিয়ান ধ্ৰুৱ ভূঞাৰ সম্পাদনাত প্ৰকাশিত ই-বুলেটিন উন্মোচন কৰে মুখ‍্য অতিথিয়ে ।

আনহাতে সদ‍্যবিদায়ী দুলীয়াজান ৰ’টাৰী ক্লাবৰ সভাপতি-সম্পাদক ক্ৰমে সিদ্ধাৰ্থপ্ৰতীম হাজৰিকা আৰু যশপাল সিঙে নৱনিৰ্বাচিত সভাপতি ৰাজুমণি গগৈ আৰু সম্পাদক বিমল বৰগোহাঁইক ৰটাৰী ক্লাবৰ স্বীকৃতি প্ৰাপ্ত চাৰ্টিফিকেট হস্তান্তৰ কৰাৰ লগতে ২০২০-২০২১ বৰ্ষৰ নৱনিৰ্বাচিত দুলীয়াজান ৰ’টাৰী ক্লাৱৰ নতুন সমিতিখনক উষ্ম সম্ভাষণ জনাই ৰ’টাৰীয়ানসকলে । এই অনুষ্ঠানত দুলীয়াজানৰ উপৰি ডিব্ৰুগড়, তিনিচুকীয়া, ডিগবৈ, নাহৰকটীয়া আদি বিভিন্ন স্হানৰ ৰ’টাৰীয়ানসকলেও জুম এপৰ যোগেদি অংশগ্ৰহণ কৰে ।

You might also like