দুলীয়াজান টিপলিং নদীত মহিলাৰ মৃতদেহ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট :: দুলীয়াজান টিপলিং নদীৰ পৰা আজি বিয়লি উদ্ধাৰ কৰা হয় এগৰাকী মহিলাৰ মৃতদেহ । উদ্ধাৰ কৰা মৃতদেহটো কমলাবাৰীৰ দ’হুকুটা গাৱঁৰ দেৱী মায়া (৭৬) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱাভাগত গাখীৰ দিবলৈ বুলি মহিলাগৰাকী ঘৰৰ পৰা ওলাই আহিছিল । স্হানীয় লোকে মহিলাগৰাকীৰ মৃতদেহটো পানীত উপঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে । সম্প্ৰতি আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰিছে ।