বিজেপি চৰকাৰৰ প্ৰতি তীব্ৰ বিষোদগাৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজৰ; সুৰেন ফুকনে ক’লে দুৰ্গা সাম্প্ৰদায়িক
নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত গাভৰুভেটি (ফিল’বাৰী) মণ্ডল কংগ্ৰেছৰ দ্বাৰা আজি প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত ডুমডুমা বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজ আৰু চুবুৰীয়া বিধানসভা সমষ্টি ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ মাজত আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানকেন্দ্ৰিক সংঘাতৰ বহিঃ প্ৰকাশ ঘটে।
প্ৰণিধানযোগ্য যে বিগত ২০১৮ বৰ্ষত বিজেপি দলৰ ৰাজ্যিক সমিতিৰ সিদ্ধান্ত অনুসৰি বিজেপি দলৰ দখলত নথকা বিধানসভা সমষ্টিসমূহৰ উন্নয়নমূলক কার্যসূচীৰ তত্বাৱধানৰ বাবে নিকটৱৰ্তী সমষ্টিৰ একোজন বিধায়কক দ্বায়িত্ব অৰ্পণ কৰা হৈছিল। উক্ত সিদ্ধান্ত অনুসৰি কংগ্ৰেছৰ দখলত থকা ডুমডুমা সমষ্টিৰ তত্বাৱধায়ক হিচাপে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনক দ্বায়িত্ব প্ৰদান কৰা হয়। দ্বায়িত্ব পায়েই সুৰেন ফুকনে শাসনাধিষ্ঠিত দলৰ বিধায়ক হিচাপে ডুমডুমা সমষ্টিত ৰাজনৈতিক ক্ষমতা প্ৰয়োগৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে।
তদুপৰি বিগত পঞ্চায়ত নিৰ্বাচনত ডুমডুমা সমষ্টিৰ পোন্ধৰ খন পঞ্চায়তৰ তেৰ খনতেই বিজেপিয়ে বিজয় সাব্যস্ত কৰাত সমষ্টিটোত সুৰেন ফুকনৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায়। তাৰ ফলশ্ৰুতিতেই ডুমডুমা সমষ্টিৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজৰ পৰিৱৰ্তে সুৰেন ফুকনে সমষ্টিটোৰ বিভিন্ন গাঁও পঞ্চায়তৰ দ্বাৰা ৰূপায়ণ কৰা আঁচনিৰ উদ্বোধন, আধাৰশিলা আদি কার্যসূচীত তেওঁৰ উপস্থিতি ক্ৰমাগতভাৱে বৃদ্ধি কৰিবলৈ ধৰে, যাৰ বাবে বিধায়ক দুৰ্গা ভূমিজৰ লগতে কংগ্ৰেছ দলৰ স্থানীয় গোটসমূহৰ তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটে।
স্মৰ্তব্য যে কালি (৮ জুলাই) ডিগবৈৰ বিধায়ক সুৰেন ফুকনে ডুমডুমা সমষ্টিৰ তিনিটা পঞ্চায়তৰ দহোটাতকৈয়ো অধিক আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ পাছত বিজেপি দল আৰু সুৰেন ফুকনৰ প্ৰতি আক্ৰমনাত্মক হৈ পৰে ডুমডুমাৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজসহ মণ্ডল কংগ্ৰেছৰ স্থানীয় নেতৃত্ব। আজি ফিল’বাৰীৰ গাভৰুভেটি মণ্ডল কংগ্ৰেছ সমিতিয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ডুমডুমা সমষ্টিত আধাৰশিলা স্থাপনৰ বাবে নেতাৰ আমদানি বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে কালি ডুমডুমা সমষ্টিত সুৰেন ফুকনে উদ্বোধন কৰা সকলো আঁচনিৰ ফলকত বিধায়ক ফুকনৰ নামৰ ঠাইত দুৰ্গা ভূমিজৰ নাম লিপিবদ্ধ কৰিবলৈ তাৎপৰ্যপূৰ্ণভাৱে দাবী জনায়। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজে সুৰেন ফুকনক এজন কাণ্ডজ্ঞানহীন বিধায়ক বুলি কৈ ডিগবৈ সমষ্টিৰ উন্নয়নৰ তালিকাত শূন্যৰ পৰিমাণ বৃদ্ধি পোৱাত জনতাৰ ৰোষত পৰাৰ ভয়তে সুৰেন ফুকনে ডুমডুমা সমষ্টিত অৱস্থান কৰিছেহি বুলি কটাক্ষ কৰে। ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ ডুমডুমা সমষ্টিত নপতা ফুকনৰ ভূমিকা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আপত্তি দৰ্শোৱাৰ কথাও ভূমিজে ব্যক্ত কৰে।
আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত ডিগবৈৰ বিধায়ক সুৰেন ফুকনে কয় যে আগন্তুক নিৰ্বাচনত নিজৰ ভেটি উচন হোৱাৰ ভয়ত ডুমডুমাৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজ কম্পমান হৈ আংবাং বকিছে। তেওঁ দৃঢ়তাৰে কয় যে ২০২১ ৰ নিৰ্বাচনত বিজেপি (যিকোনো) প্ৰাৰ্থীৰ হাতত দুৰ্গা ভূমিজ পৰাজিত হ’বই। তেওঁ তথ্য দাঙি ধৰি কয় যে বিগত লোকসভা নিৰ্বাচনত ডুমডুমাৰ পৰা ৪৩ হাজাৰ ভোটৰ ব্যৱধানত জয়ী বিজেপি দলৰ প্ৰাৰ্থী। তেওঁ মুখ্যমন্ত্ৰী সোণোৱালৰ দ্বাৰা অৰ্পিত দায়িত্বহে পালন কৰিছে বুলিও কয়। ডিগবৈৰ বিধায়কগৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে দুৰ্গা ভূমিজক অতি সাম্প্ৰদায়িক বুলি অভিযোগ তোলে। প্ৰণিধানযোগ্য যে বিগত ১৩ সংখ্যক বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সপক্ষে প্ৰবল বতাহ থকা স্বত্বেও প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতৰ ফলত ডুমডুমা বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী দিলীপ মৰাণ বিজয়ী হৈছিল। সেইখিনি সময়ত কংগ্ৰেছ দলে নিকটৱৰ্তী শদিয়া সমষ্টিৰ তদানীন্তন কংগ্ৰেছী বিধায়ক বলিন চেতিয়াক ডুমডুমা সমষ্টিৰ তত্বাৱধায়কৰ দ্বায়িত্ব দিছিল।