দদৰাত দুর্গাপূজাৰ মন্দিৰ–সভাগৃহ উদ্বোধন প্রাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মাৰ
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ ‘আধ্যাত্মিকতাই সমাজলৈ শান্তি আৰু সম্প্রীতিৰ বার্তা কঢ়িয়াই আনে৷ মা দুর্গাই সকলোৰে মনত শান্তি প্রতিষ্ঠা কৰক আৰু প্রতিগৰাকী লোকৰ মাজলৈ এক সমন্বয়ৰ বার্তা প্রেৰণ কৰক৷’– এই ভাষ্য প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাৰ৷
সোমবাৰে কামৰূপৰ দদৰাৰ সার্বজনীন শাৰদীয় শ্রীশ্রীদুর্গাপূজাৰ নৱনির্মিত মন্দিৰ আৰু সভাঘৰ উদ্বোধন কৰি প্রাইড ইষ্টৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাই পুনৰ কয়– ‘আগন্তুক শাৰদীয় দুর্গাপূজাই দেশ–ৰাজ্যৰ পৰা সকলো অসূয়া–শান্তি নাশ কৰি শান্তি প্রতিষ্ঠা কৰক আৰু এক সমন্বয়ৰ বার্তা অনাৰ বাবে দেৱী মাৰ ওচৰত প্রার্থনা জনালোঁ৷’ লগতে তেওঁ সকলোলৈকে পূজাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰে৷ দুর্গাপূজা উদ্যাপন সমিতিৰ সভাপতি মধুসূদন মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাত নির্মাণ সমিতিৰ পৰা বিশিষ্ট মহিলাগৰাকীক গামোচা আৰু শৰাইৰে ৰাজহুৱাভাৱে আদৰণি জনায়৷
সভাত ভাষণ দি সভাপতি মধুসূদন মেধিয়ে স্থানীয় বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ একমাত্র প্রচেষ্টাত জালুকবাৰী সমষ্টি আজি সমস্যাহীন হৈ পৰা বুলি উল্লেখ কৰে৷ সোমবাৰে জালুকবাৰী সমষ্টিত কি নাই বুলি উল্লেখ কৰি কামৰূপৰ উপায়ুক্ত কার্যালয়, বিদ্যালয় পৰিদর্শকৰ কার্যালয়, যুটীয়া স্বাস্থ্য সঞ্চালকৰ কার্যালয়, ডি টি অ’ অফিচকে ধৰি আন আন চৰকাৰী কার্যালয়সমূহ জালুকবাৰী সমষ্টিত স্থাপন হৈছে বুলি মেধিয়ে দোহাৰে৷ সমষ্টিটোত আন আন উন্নয়নমূলক কামৰ তালিকাখনো দীঘলীয়া বুলি উল্লেখ কৰি তেওঁ দদৰাৰ দুর্গাপূজা মন্দিৰ আৰু সভাঘৰ নির্মাণতো মন্ত্রীগৰাকীৰ বহুত অৱদান আছে বুলি মন্তব্য কৰে৷ সভাত দলিবাৰী হাইস্কুলৰ প্রধান শিক্ষক গকুল দাস, সমাজকর্মী প্রদীপ দাস প্রমুখ্যে কেইবাজনো বক্তাই ভাষণ দিয়ে৷ সম্পাদক মহেশ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত শলাগৰ শৰাই আগবঢ়ায় নির্মাণ সমিতিৰ সম্পাদক মাণিক দাসে৷ সভাত জ্যেষ্ঠ নাগৰিক সমিতিয়েও ৰিণিকি ভূঞা শর্মাক ফুলাম গামোচাৰে আদৰণি জনায়৷