আইনষ্টাইনৰ জন্মদিৱস উদযাপনঃ প্ৰেৰণা পুথিভঁৰালৰ সৰুক্ষেত্ৰী শাখাৰ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ‘মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই যুগে যুগে শাসক আৰু শোষকে মানুহৰ জ্ঞান অৰ্জনৰ পথত তথা বৈজ্ঞানিক-যুক্তিবাদী চিন্তাৰ বিকাশত হেঙাৰৰ সৃষ্টি কৰি আহিছে। বিজ্ঞানৰ উন্নতি হৈছে, যন্ত্ৰৰ বিকাশ হৈছে কিন্তু বৈজ্ঞানিক চিন্তাৰ বিকাশ সাধন হোৱা নাই ।’ – এই বক্তব্য প্ৰেৰণা পুথিভঁড়ালৰ জ্যেষ্ঠ পৰিচালক কমলনয়ন মিশ্ৰৰ।
কালি (১৪ মাৰ্চ) বৰপেটা জিলাৰ সৰুক্ষেত্ৰী অঞ্চলৰ বেঙাপাৰাত অৱস্থিত প্ৰেৰণা পুথিভঁৰালৰ সৰুক্ষেত্ৰী শাখাৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত আইনষ্টাইনৰ জন্মদিৱস উদ্যাপনৰ আলোচনা সভাত ভাষণ দি তেওঁ আৰু কয় যে আপেক্ষিকতাবাদৰ দ্বাৰা মহামতি আইনষ্টাইনে আমাক কেৱল বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক জ্ঞানতত্ত্বৰ সম্ভেদেই যে প্ৰদান কৰিছে তেনে নহয়, বৰঞ্চ তেওঁৰ সামগ্ৰিক জীৱন দৰ্শনে মানৱতাক পদানত কৰা শোষণ আৰু নিষ্ঠুৰ ৰাজনীতিৰ বিৰুদ্ধে দৃঢ় অৱস্থান ল’বলৈও আমাক প্ৰেৰণা যোগাইছে। চৌদিশে বৈজ্ঞানিক চিন্তাৰ ওপৰত আক্ৰমণ নামি অহাৰ এই সময়ত আইনষ্টাইনৰ বিজ্ঞান আৰু তেওঁৰ দৰ্শনৰ চৰ্চাৰ গুৰুত্বও বৃদ্ধি পাইছে।
‘সম্প্ৰতি বৈজ্ঞানিক চিন্তালৈ অহা প্ৰত্যাহ্বানসমূহ : প্ৰসংগ আইনষ্টাইনৰ বিজ্ঞান আৰু দৰ্শন’ বিষয়ক এই আলোচনাত অংশগ্ৰহণ কৰি বেলশৰৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অজিত কুমাৰ দাসে কয় যে এগৰাকী বিশিষ্ট বেহেলাবাদক হিচাপে খ্যাতি লাভ কৰা আইনষ্টাইনৰ সংবেদনশীল মন আৰু প্ৰখৰ অনুভূতিয়ে যুদ্ধবিৰোধী তথা ফেচিবাদ বিৰোধী অৱস্থান ল’বলৈ তেওঁক উৎসাহিত কৰিছিল ।
প্ৰেৰণা পুথিভঁৰালৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাত ভাষণ দি সৰুক্ষেত্ৰী হাইস্কুলৰ বিজ্ঞান শিক্ষক উৎপল গোস্বামীয়ে কয় যে আইনষ্টাইনে সদায় সমাজ, দেশ তথা বিশ্বৰ নিপীড়িতজনৰ হকে মাত মাতিছিল আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰিছিল।
কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক তিলক শৰ্মাই ‘প্ৰেৰণা’ শীৰ্ষক এই প্ৰগতিশীল গ্ৰন্থ আন্দোলনৰ জয়যাত্ৰা অক্ষুণ্ণ থকাৰ কামনা কৰি আইনষ্টাইনৰ জন্মদিৱস উদযাপনৰ প্ৰাসংগিকতা ব্যাখ্যা কৰে। আন এগৰাকী বক্তা ডা০ অনিল দাসে আইনষ্টাইন আৱিস্কৃত আপেক্ষিকতাবাদৰ তাত্ত্বিক ব্যাখ্যা আগবঢ়ায়।
আনহাতে মুখ্য পৰিচালক নিপন কুমাৰ ডেকাই কৰা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা পুথিভঁৰালটোৰ বৰ্ষপূৰ্তি অনুষ্ঠানত গীত পৰিৱেশন কৰে গাৰ্গী ডেকা, দীক্ষা দাস, সৃষ্টি ভৰষা ডেকা, সংহিতা কাশ্যপ, হীমাশ্ৰী দত্ত আৰু শুভাংগম শৰ্মাই ।
নৃত্যত অংশগ্ৰহণ কৰে মধুস্মিতা পাঠক আৰু নিবিড় জ্যোৎস্না পাটোৱাৰীয়ে । কবিতা আবৃত্তিত ভাগ লয় ভাৰ্বী কাশ্যপ, সংকুৰ নায়ক, সীমান্ত ডেকা, অভিনৱ নাৰায়ণ শৰ্মা, ইছা দত্ত, গৰিমা হালৈ, অংকিতা দত্ত, ৰাখী কাশ্যপ আৰু কাৰ্তিক বৰ্মনে । পুথিভঁড়ালটোৰ বছৰেকীয়া প্ৰতিবেদন পাঠ কৰে মুখ্য পৰিচালক নিপন কুমাৰ ডেকাই ।
ইফালে আইনষ্টাইনৰ জন্মদিৱস উপলক্ষে প্ৰেৰণা পুথিভঁৰালৰ তৰালি শৰ্মা আৰু হৃষীকেশ বৰপূজাৰীয়ে সম্পাদনা কৰা ‘অন্বেষণ’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে অজিত কুমাৰ দাসে । পুথিভঁৰালৰ সৰুক্ষেত্ৰী শাখাৰ বৰ্ষপূৰ্তি উপলক্ষে শাখাৰ পৰিচালক দেৱাংগ বৰ্মন আৰু মৃদুস্মান বৰ্মনৰ সম্পাদনাত প্ৰকাশ কৰা ‘প্ৰত্যুষ’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে উৎপল গোস্বামীয়ে।
উল্লেখ্য যে আইনষ্টাইনৰ জন্মদিৱস উপলক্ষে এই মহান বিজ্ঞানীজনাৰ জীৱন আৰু কৰ্মবিষয়ক এখন লিখিত কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয় । শতাধিক প্ৰতিযোগী তথা দৰ্শকেৰে ভৰপূৰ এই প্ৰতিযোগিতাখন পৰিচালনা কৰে প্ৰেৰণা পুথিভঁৰালৰ পৰিচালক অমলেশ ডেকাই ।
প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ – নিম্ন শাখাত, প্ৰথম- শুভাংগম শৰ্মা, দ্বিতীয়- প্ৰংগন বৰ্মন, তৃতীয়- অংকিতা দত্ত । মধ্য শাখাত ― প্ৰথম- অভিনৱ নাৰায়ণ শৰ্মা, দ্বিতীয়- দিব্যা বৰ্মন, তৃতীয়- (যুটীয়াভাৱে) শ্ৰুতি বৰ্মন, বিদুস্মিতা বৰ্মন, ৰাজশ বৰ্মন, পলাশ ডেকা, মৌচম বৰ্মন । উচ্চ শাখাত – প্ৰথম- চন্দন দাস, দ্বিতীয়- (যুটীয়াভাৱে) গুঞ্জন প্ৰতীম ভূঞা, তৰালি শৰ্মা, তৃতীয়- কাকলি বৰ্মন। সমৱেত কন্ঠত গোৱা জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পেলোৱা হয়।