নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত ২০ হাজাৰ বস্তা ইউৰিয়া সাৰ জব্দ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : হাইলাকান্দিৰ লালা এলেকাত বৃহৎ পৰিমাণৰ সাৰ জব্দ কৰিছে আৰক্ষীয়ে। দেওবাৰে হাইলাকান্দি আৰক্ষীয়ে লালা এলেকাৰ ধনীপুৰৰ এটা গুদামত অভিযান চলাই অবৈধভাৱে ৰখা ২০ হাজাৰ বস্তা ইউৰিয়া সাৰ জব্দ কৰে। জানিব পৰা মতে, সাৰৰ মালিক জাকিৰ হুছেইন চৌধুৰী। মিজোৰামত সৰবৰাহ কৰিবলৈ সাৰখিনি গুদামত ৰখা হৈছিল। সাৰখিনিৰ মূল্য ১০ লাখ টকা।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like