আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আহত পাষণ্ড ফৰিজুল
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ কোকৰাঝাৰৰ অভয়াকুটিৰ ধর্ষণ আৰু হত্যাকাণ্ডৰ তিনিটা মূল অভিযুক্তৰ অন্যতম ফৰিজুল ৰহমান কোকৰাঝাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা ফৰিজুল ৰহমানক প্রথমে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে সম্প্রতি বৰপেটাস্থিত ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে৷ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক থুবে প্রতীক বিজয় কুমাৰে আজি নিজ কার্যালয়ৰ প্রেক্ষাগৃহত এখন সংবাদ মেল আয়োজন কৰি কয় যে অভয়াকুটিৰ ধর্ষণ আৰু হত্যাকাণ্ডৰ তিনিটা মূল অভিযুক্ত ক্রমে মুজাম্মেল শ্বেখ, নজিবুল আলী আৰু ফৰিজুল ৰহমানক আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ পাছত গ্রেপ্তাৰ কৰিছিল৷
কোকৰাঝাৰ সদৰ থানাত ৰজু হোৱা গোচৰ নং ৪৪০/২১মর্মে অভিযুক্ত তিনিটাক আৰক্ষীয়ে মাৰাথন জেৰা কৰাৰ অন্তত অভিযুক্ত তিনিটাই নিজৰ অপৰাধ স্বীকাৰ কৰে৷ ইয়াৰে ফৰিজুল ৰহমান নামৰ অভিযুক্তটোৱে ধর্ষণ আৰু হত্যাৰ বলি হোৱা এগৰাকী নাবালিকাৰ এটা ম’বাইল ফোন বেদলাংমাৰী এলেকাৰ শালবাৰী এলেকাত লুকাই থোৱা বুলি স্বীকাৰোক্তি প্রদান কৰাত কালি নিশা তদন্তকাৰী দল এটাই অভিযুক্ত ফৰিজুলক লৈ বেদলাংমাৰীৰ শালবাৰী এলেকালৈ যায় ৷
অভিযুক্তক লৈ আৰক্ষীৰ দলটোৱে বেদলাংমাৰী এলেকাত উপস্থিত হোৱাৰ পাছত অভিযুক্ত ফৰিজুলে আৰক্ষীৰ তদন্তকাৰী দলটোক ম’বাইল ফোন দেখুওৱাৰ ছলেৰে ঘন জংঘলৰ ভিতৰত সোমাই যায় ৷ ইয়াৰ পাছতে হেণ্ডকাফ ধৰি থকা আৰক্ষী কনিষ্টবল অতুল বডোক পূর্বতে উক্ত ঠাইত লুকাই ৰখা এখন দাৰে হাতত ঘাপ মাৰি পলায়নৰ চেষ্টা কৰে ৷ কনিষ্টবলক আক্রমন কৰি ফৰিজুল ৰহমানে পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে বাধ্য হৈ দুজজাই গুলীচালনা কৰে৷ ইয়াৰে এজাঁই গুলী ফৰিজুলৰ ভৰিত আঘাত কৰে আৰু গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্রাপ্ত ফৰিজুল ৰহমানক প্রথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে সম্প্রতি বৰপেটাস্থিত ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰোৱা হৈছে৷
ইপিনে, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক থুবে প্রতীক বিজয় কুমাৰে মৰণোত্তৰ প্রতিবেদনো আহি পোৱা বুলি সদৰী কৰিছে ৷ মৰণোত্তৰ প্রতিবেদনত নাবালিকা দুগৰাকীক ধর্ষণ কৰাৰ পাছত হত্যা কৰা বুলি প্রকাশ পাইছে৷