প্রাক্তন মন্ত্রী ৰকিবুলৰ ঘনিষ্ঠ কংগ্রেছী জড়িত চাউল চুৰি কার্যত
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ নগাঁও জিলাৰ ভাৰতীয় খাদ্য নিগমত (এফ চি আই) সংঘটিত হৈছে চাউল চুৰিৰ ঘটনা৷ এফ চি আইৰ গুদামৰ পৰা অহা চাউলভর্তি ট্ৰাক সমবায় গুদামৰ পৰিৱর্তে মাজবাটতে হৰলুকী হোৱা ঘটনাই সমগ্র নগাঁও জিলাত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, এ এছ–০১ ৱাই–৮৪৮১ নম্বৰৰ এই ড্রাকখনেৰে ৰাজ্যৰ অসামৰিক যোগান বিভাগে দৰিদ্র ৰাইজৰ বাবে যোগান ধৰা চাউল প্রেৰণ কৰিছিল লাহৰীঘাট সমবায়লৈ৷ কিন্তু মাজবাটতে ১০৪ বস্তা চাউল বিক্রী কৰে গাডীৰ চালকজনে ৷ এই চোৰাং চাউল ক্রয় কৰিছিল প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ নেতা তথা নগাঁও জিলা কংগ্রেছৰ সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিক ওৰফে ছেলিম আৰু ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ নেতা হান্নান সৰকাৰে৷
লগতে এই চাউল চুৰিকার্যত জডিত আছে ধিং সমষ্টিৰ যুৱ কংগ্রেছৰ সম্পাদক জেহিৰুল ইছলামো৷ এই সন্দর্ভত ধিং আৰক্ষীয়ে কংগ্রেছী নেতা ছেলিমৰ ঘৰত তালাচী চলাই ১২ বস্তা এফ চি আইৰ চাউল উদ্ধাৰ কৰাৰ লগতে যুৱ কংগ্রেছৰ নেতা তথা ছেলিমৰ ভাতৃ জেহিৰুল ইছলাম আৰু আজমল হুছেইন নামৰ এজনক গ্রেপ্তাৰ কৰে যদিও ছেলিম বর্তমানলৈকে পলাতক হৈ আছে৷
উল্লেখ্য যে কংগ্রেছ নেতা ছেলিমে ক্রয় কৰিছিল ১২ বস্তাকৈ চোৰাং চাউল আৰু এ আই ইউ ডি এফৰ নেতা হান্নানে ক্রয় কৰিছিল ৯২ বস্তাকৈ এফ চি আইৰ এই চোৰাং চাউল ৷ ইফালে, ধিং আৰক্ষীয়ে হান্নান সৰকাৰৰ ঘৰতো তালাচী চলায় যদিও হান্নানৰ ঘৰৰ পৰা বর্তমানেও উদ্ধাৰ কৰিব পৰা নাই চোৰাং চাউলখিনি৷
পলাতক হৈ আছে হান্নান সৰকাৰো৷ এই সন্দর্ভত ধিং আৰক্ষীয়ে আটক কৰা লোক দুজনৰ বিৰুদ্ধে ২২৯/২১ নম্বৰত ৪০৭/৪২০ ধাৰাত এটা গোচৰ ৰুজু কৰি এই দুই অভিযুক্তক জে’ললৈ প্রেৰণ কৰাৰ লগতে বর্তমানেও চোৰাং চাউলখিনিৰ লগতে দুই মূল অভিযুক্ত ছেলিম আৰু হান্নানক বিচাৰি অভিযান অব্যাহত ৰাখিছে৷