ছয়গাঁৱত ড্ৰাগছসহ মহিলা ব্যৱসায়ীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ অপৰাধীৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে ৷ কালি সন্ধিয়া গৰৈমাৰীৰ মহাবীৰ পথাৰ দাচপাৰাৰ পৰা ড্ৰাগছসহ আটক কৰে এগৰাকী মহিলাক ৷ ধৃত মহিলাগৰাকীৰ নাম নুৰজাহান বেগম ৷ ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, কালি সন্ধিয়া ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা এক অভিযানত মহাবীৰ পথাৰ দাচপাৰাৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা নুৰজাহান বেগমক নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷
আনহাতে এই অভিযানৰ সময়ত নুৰজাহানৰ স্বামী জামালুদ্দিনে কৌশলেৰে পলায়ন কৰে ৷ আৰক্ষীয়ে নুৰজাহানৰ ঘৰৰ পৰা ১১ টা কণ্টেনাৰ,এটা চিৰিঞ্জ আৰু নগদ ১০৬০০ টকা জব্দ কৰে। ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৩৩ হেজাৰ হ’ব বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে জামালুদ্দিন আৰু নুৰজাহান পতি পত্নীয়ে দীৰ্ঘদিন ধৰি গৰৈমাৰী অঞ্চলত ড্ৰাগছৰ ব্যৱসায় চলাই আছিল ৷
ইতিমধ্যে কেইমাহমান পূৰ্বে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত দুয়ো পতি পত্নীকে গ্ৰেপ্তাৰ কৰিছিল ৷ দুয়োজনে জেলৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ ব্যৱসায়ত লাগি পৰে ৷ এই বিষয়ে জানিব পাৰি যোৱা কালি সন্ধিয়া আৰক্ষীৰ দলে দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান চলাই নুৰজাহানক গ্ৰেপ্তাৰ কৰে যদিও জামালুদ্দিন পলাতক হৈ আছে ৷