নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত ফুটবল প্ৰশিক্ষণ শিবিৰৰ সামৰণি

বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ মৰিয়নিৰ জংঘলব্লক ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আৰু বাঁ‌হনী চাহ বাগিচাৰ সহযোগত জংঘলব্লক হাইস্কুল খেলপথাৰত অনুষ্ঠিত সাতদিনীয়া ফুটবল প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে । যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰত শতাধিক ফুটবলাৰে অংশগ্ৰহণ কৰে । এ. এফ. চি. স্বীকৃতিপ্ৰাপ্ত ফুটবল প্ৰশিক্ষক তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ খগেন শইকীয়াই মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰা প্ৰশিক্ষণত ঋতু দাস সহকাৰী প্ৰশিক্ষক হিচাপে থাকে । অনুষ্ঠানৰ আৰম্ভণিতে প্ৰশিক্ষাৰ্থীসকলৰ মাজত (ল’ৰা আৰু-ছোৱালী উভয় শাখাত ) প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত হয় । কৃতী শিক্ষক নগেন গগৈয়ে আঁত ধৰা অনুষ্ঠানত প্ৰশিক্ষক খগেন শইকীয়া, সহঃ প্ৰশিক্ষক ঋতু দাস আৰু মুখ্য আয়োজক সুদীপ শইকীয়াক সম্বৰ্ধনা জনোৱা হয় ।

মুখ্য প্ৰশিক্ষক খগেন শইকীয়াই প্ৰশিক্ষণ গ্ৰহণ কৰা খেলুৱৈসকলৰ মাজত প্ৰতিভা আছে বুলি উল্লেখ কৰি তেওঁলোকক প্ৰচুৰ অনুশীলন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । অনুশীলনে এজন পৈণত ফুটবলাৰৰ জন্ম দিব পাৰে বুলিও তেওঁ লগতে উল্লেখ কৰে । সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক তথা বিশিষ্ট ক্ৰীড়া সংগঠক তৰুণ দত্ত, বাঁহনী চাহ বাগিচাৰ অন্যতম স্বত্বাধিকাৰ তথা বাঁহনী টি কোম্পানী প্ৰাইভেট লিমিটেডৰ অন্যতম সঞ্চালক সমীৰেন্দ্ৰ নাথ ফুকন, জংঘলব্লক হাইস্কুলৰ প্ৰধান শিক্ষক- ক্ৰীড়া সংগঠক ধৰ্মেশ্বৰ বৰুৱা, কুশল কোঁ‌ৱৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমণি ফুকন আদিয়ে প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে । সমীৰেন্দ্ৰ নাথ ফুকনে গ্ৰামাঞ্চলত প্ৰতিভাৰ অভাৱ নাই বুলি উল্লেখ কৰি কয় উপযুক্ত প্ৰশিক্ষণ পালে এনে খেলুৱৈৰ মাজৰ পৰাই সুদক্ষ ফুটবলাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।প্ৰতিভাৰ বিকাশৰ বাবে তেওঁলোকে সহযোগিতা আগবঢ়াব বুলিও লগতে উল্লেখ কৰে ।

অনুষ্ঠানটোতে প্ৰশিক্ষক খগেন শইকীয়াক মৰিয়নি ক্ৰীড়া সন্থায়ো সম্বৰ্ধনা জনায় । অনুষ্ঠানটোত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক দীপেন দাস, বাঁহনী চাহ বাগিচাৰ পৰিচালক মনোজ গোহাঁই, মৰিয়নি ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সম্পাদক প্ৰদীপ মজুমদাৰ, প্ৰাক্তন ফুটবলাৰ মৃগন্ত হাজৰিকা, প্ৰাক্তন ফুটবলাৰ তথা যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক কৃষ্ণ শৰ্মা, মৰিয়নি জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰদীপ বৰা, ক্ৰীড়া সংগঠক মানিক গগৈ, তিতাবৰৰ সমৰকলা প্ৰশিক্ষক দীপাংকৰ দাস, শিক্ষক ভুবন গগৈ আদি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে প্ৰশিক্ষক খগেন শইকীয়া, ঋতু দাসৰ লগতে আয়োজক সুদীপ শইকীয়াক প্ৰশিক্ষাৰ্থীসকলে সম্বৰ্ধনা জনায় । উল্লেখ্য যে সাতদিনীয়া এই ফুটবল প্ৰশিক্ষণ শিবিৰৰ মুখ্য আয়োজক সুদীপ শইকীয়াৰ প্ৰচেষ্টাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like