নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথত লুৰিণ–অখিলৰে বাইক ৰেলী উলিওৱাৰ কল্পনাত বিভোৰ গৌৰৱ গগৈ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ মহাজোঁটবন্ধনৰ পৰা সমদূৰত্ব বজাই ৰাখিব বুলি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে স্পষ্ট কৰাৰ পাছতো লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ সৈতে ৰাজপথত বাইক ৰেলী উলিওৱাৰ কল্পনাত বিভোৰ হৈ আছে কংগ্রেছ সাংসদ গৌৰৱ গগৈ৷ আজি ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত মহাজোঁটবন্ধনত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক সন্নিৱিষ্ট কৰাৰ ক্ষেত্রত কংগ্রেছে কি পৰিকল্পনা কৰিছে বুলি সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয়– ‘অসমৰ ৰাইজে মহাজোঁটৰ চৰকাৰ বিচাৰিছে৷ মহাজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছত ৰাজ্যত শান্তি, প্রগতি হোৱাটো বিচাৰিছে ৰাইজে৷ সেয়েহে এই দুয়োটা দলৰ নেতৃত্বই ৰাইজৰ পৰামর্শ অনুসৰি আগন্তুক দিনত কাম কৰিব নে নকৰে, সেয়া তেওঁলোকৰ সিদ্ধান্ত৷ কিন্তু মোৰ মনত এটা কল্পনা আছে যে এদিন হ’লেও অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ সৈতে বাইক ৰেলী কৰি সমগ্র অসম ঘূৰিম৷’

উল্লেখ্য যে ইয়াৰ পূর্বেও প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ পুত্র গৌৰৱ গগৈয়ে তিনি গগৈ লগ হোৱাৰ প্রস্তাৱ দিছিল৷ অৱশ্যে পৰৱর্তী সময়ত গৌৰৱ গগৈৰ এই প্রস্তাৱ নাকচ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কৈছিল যে তেওঁলোকে জাতপাতৰ ৰাজনীতি কৰিব নিবিচাৰে৷ একে সময়তে শেহতীয়াকৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মিত্রতা চূড়ান্ত কৰাৰ পাছতো এই কথা স্পষ্ট কৰিছিল যে কংগ্রেছৰ নেতৃত্বত গঠিত মহাজোঁটৰ পৰা তেওঁলোক আঁতৰি থাকিব৷ তৎসত্ত্বেও ৰাজ্যত মহাজোঁটৰ চৰকাৰ গঠন হ’ব বুলি সদৰী কৰি গৌৰৱ গগৈয়ে কয় যে আজিৰ দিনটোত নির্বাচন ঘোষণা হ’লে মহাজোঁটৰ চৰকাৰ হ’ব৷ ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ’ব আৰু কংগ্রেছৰ মুখ্যমন্ত্রী হ’বলৈ গৈ আছে৷ বিজেপিয়ে বিভিন্ন কথাৰে মহাজোঁটৰ একতা ভাঙিবলৈ চেষ্টা চলাই আছে৷ কিন্তু সেয়া সম্ভৱ নহ’ব৷ কিয়নো মহাজোঁট যথেষ্ট শক্তিশালী৷ ইপিনে আগন্তুক সময়ত তেওঁ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত গগৈয়ে কয়– ‘মই আজিৰ দিনত লোকসভাত কংগ্রেছৰ উপ–দলপতি৷ তদুপৰি ৰাজ্যৰ নির্বাচনী ইস্তাহাৰ কমিটীৰ অধ্যক্ষ৷ দলে যি দায়িত্ব দিছে, সেয়া পালন কৰিছোঁ৷ আগন্তুক বিধানসভা নির্বাচনত ১০১ প্লাছ আসনেৰে মহাজোঁটৰ চৰকাৰ গঠন কৰাটোৱেই বর্তমান আমাৰ উদ্দেশ্য৷’

লক্ষণীয় যে আজিৰ সংবাদ মেলতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ঢ়েকীয়াজুলিৰ জনসভাত অংশগ্রহণ কৰি দিয়া ভাষণত ৰাজ্যৰ প্রকৃত জ্বলন্ত সমস্যাসমূহে স্থান লাভ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে প্রদেশ কংগ্রেছে৷ সংবাদ মেলত গৌৰৱ গগৈয়ে কয়– ‘প্রধানমন্ত্রীক আমি অসমলৈ স্বাগতম জনাইছিলোঁ৷ আমি ভাবিছিলোঁ তেওঁ অসমৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত বিশ্লেষণ কৰিব আৰু ইয়াৰ সমাধান দি যাব৷ কিন্তু দুর্ভাগ্যজনকভাৱে সমগ্র ৰাজ্যবাসীক তেওঁ ৰঙীন চশমা পিন্ধাবহে বিচাৰিছে৷ ৰাজ্যৰ যুৱক–যুৱতীৰ মনৰ স্পন্দন, আই–মাতৃৰ বেদনা তেওঁ অনুভৱ কৰিব নোৱাৰিলে৷ অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে নিবনুৱা সমস্যা৷ এইক্ষেত্রত কোনো ধৰণৰ কথা তেওঁ নক’লে৷ ২০১৪ চনত ২ কোটিক চাকৰি প্রদান কৰাৰ আশ্বাস দিছিল মোদীয়ে৷ কিন্তু বিজেপি চৰকাৰৰ শাসনকালত বিগত ৫০ বছৰৰ ভিতৰত ভাৰতত নিবনুৱাৰ সংখ্যা সর্বাধিক হ’ল৷ ভুল নীতিৰ বাবে কৃষকে আন্দোলন কৰিবলগীয়া হ’ল৷ বিশ্ব বিনিয়োগ সন্মিলন স্থাপন কৰিলে৷ ইয়াৰ পৰা সংস্থাপনৰ পথ নোলাল৷ বৰঞ্চ অসমৰ সম্পদ গুজৰাটী বণিয়াৰ হাতত তুলি দিলে৷’ ৰাজ্যত বিজেপি চৰকাৰৰ শাসনকালত দুর্নীতি, ছিণ্ডিকেট বৃদ্ধি পোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি, এ পি এছ চিত নিযুক্তি, গ্রামোন্নয়নত নিযুক্তিৰ ক্ষেত্রত কেলেংকাৰি সংঘটিত হ’ল৷ ইয়াৰ বিষয়ে কোনো কথা প্রধানমন্ত্রীয়ে উল্লেখ নকৰিলে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ধন পুৰস্কাৰ মেলাত অংশগ্রহণ কৰি চাহ শ্রমিকক ধন বিতৰণ কৰিলে৷ কিন্তু তেওঁলোকে চাহ ক্ষেত্রখনৰ প্রকৃত সমস্যাসমূহ সমাধানৰ পথ উলিয়াব পৰা নাই৷ টোকোলাই চাহ গৱেষণা কেন্দ্রলৈ পুঁজি দিয়া নাই চৰকাৰে৷ যাৰ বাবে চাহৰ ক্ষেত্রত ভালদৰে গৱেষণা হোৱা নাই৷

আনকি শোণিতপুৰ, বিশ্বনাথ জিলাৰ বান–গৰাখহনীয়া সমস্যায়ো প্রধানমন্ত্রীৰ ভাষণত স্থান নাপালে বুলি প্রকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে৷ একেখন সংবাদ মেলতে বিধায়ক ৰূপজ্যোতি কুর্মীয়ে কয় যে প্রধানমন্ত্রীয়ে ব্রহ্মপুত্র খনন, ব্রহ্মপুত্রৰ পাৰে পাৰে এক্সপ্রেছ হাইৱে’ অথবা চি প্লেনৰ আৰম্ভণি কৰিব বুলি ভবা হৈছিল৷ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়ে উল্লেখ কৰিব বুলি সকলোৱে ভাবিছিল৷ কিন্তু তেওঁলোকে এতিয়া সেইবোৰ কথা নকয়৷ বৰঞ্চ মোগলৰ কথা কৈ বিজেপি নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি ৰাইজৰ মাজৰ পৰা পাহৰাই পেলোৱাৰ ষড়যন্ত্র কৰিছে৷ সংবাদ মেলত অসম প্রদেশ কংগ্রেছ কমিটীৰ মিডিয়া কোষৰ অধ্যক্ষ ববিতা শর্মাও উপস্থিত থাকে৷

You might also like