নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ বিশেষ ভাৱে সক্ষম গোপাল নাগ; কৃষি কৰ্মৰে দেখুৱাইছে সাহসিকতা

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: গহপুৰৰ জীৱন যুদ্ধত হাৰ নমনা এজন যুৱক। গোপাল নাগে দুয়ো খন ভৰি হেৰুৱাই কৃষি কৰ্মৰে উজ্জ্বলিছে ।জুবিন গাৰ্গৰ পথাৰ আৰু বজাৰ শ্ল’গানত উৎসাহিত এতিয়া গোপাল নাগ ৷

দুখৰ বিষয় এগৰাকী সাহসী খেতিয়ক হোৱা স্বতেও বিশেষ ভাৱে সক্ষম গোপালৰ নাম নাম নাহিল প্ৰধানমন্ত্ৰী কৃষি সন্মান আছনিত। গহপুৰৰ চন্দামাৰী বঙালীৰ গোপাল নাগ ।গোপালৰ নাই দুয়োখন ভৰি । ২০১৪ চনত গুৱাহাটীত সংঘটিত এক পথ দুৰ্ঘটনাই ঘোৰ অমানিশা কঢ়িয়াই আনিছিল গোপালৰ জীৱনলৈ । পৰিয়ালৰ এক মাত্ৰ উপাৰ্জন ব্যক্তি জনৰ এই দুৰ্ঘটনাই অন্ধকাৰ নমাই আনিছিল পৰিয়ালটোলৈ । এই দুৰ্ঘটনাত গোপালে হেৰুৱাইছিল দেহৰ অতি প্ৰয়োজনীয় অংগ নিজৰ ভৰি দুখন ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত নিজৰ ভৰি দুখন হেৰুৱাই প্ৰায় ১৮ মাহ গুৱাহাটীৰ চিকিৎসালয়ত জীৱন-মৃত্যৰে যুঁজি অৱশেষত প্ৰাণ ঘুৰাই পায় যদিও চিৰজীৱনলৈ পংগুত্বক আঁকোৱালি ল’ব লগা হয় গোপালে । দুখোখন ভৰি নাই যদিও গোপাল কেতিয়াও থমকি ৰোৱা নাই । পংগুত্বয়ে হাৰ মনাৱ নোৱাৰা গোপালে দুভৰি নোহোৱাকৈ আৰম্ভ কৰিলে খেতি বাতি । সৰিয়হ,চাহপাত, মাটিমাহ,আলু , বেঙেনা আৰু শাক-পাচলি খেতি কৰাৰ লগতে পুখুৰীত পুহিছে মাছ । এনেদৰে চলাই গৈছে বৃহৎ পৰিয়ালটো । গোপাল হতৰ দৰে লোকক চৰকাৰৰ সহায় সহযোগিতাৰ বহু প্ৰয়োজন আছিল যদিও দুখৰ বিষয় প্ৰধানমন্ত্ৰী কৃষি সন্মান আছনিতো নাহিল গোপালৰ নাম ৷

You might also like