নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে অখিল গগৈৰ নেতৃত্বত গঠন হ’ব নতুন ৰাজনৈতিক দল

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত ৰাজ্যত শীঘ্রে আত্মপ্রকাশ কৰিব এটা নতুন আঞ্চলিক ৰাজনৈতিক দলে৷ ইতিমধ্যে প্রস্তাৱিত দলটোৰ সংবিধান আৰু কর্মসূচী প্রস্তুত কৰি উলিওৱা হৈছে৷ শনিবাৰে এখন সংবাদ মেলত এই কথা সদৰী কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ভাস্ক’ ডি শইকীয়াই৷ সংগঠনটোৰ গান্ধীবস্তিস্থিত কার্যালয়ত সংবাদ মেল সম্বোধন কৰি তেওঁ লগতে কয়– কৃষক মুক্তি সংগ্রাম সমিতিৰ দিৰৈ ৰাঙলী অধিৱেশনত ‘গণ মুক্তি সংগ্রাম, অসম’ নামেৰে এটা ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু বিভিন্ন কাৰিকৰী আৰু ৰণকৌশলগত কাৰণত দলটোৰ কাম–কাজ আগবঢ়াই দিয়া নহ’ল৷ কিন্তু কৃষক মুক্তি সংগ্রাম সমিতি এইবাৰ ৰাজনৈতিক দল গঠনৰ বাবে সাজু হৈ উঠিছে৷ এই দল এটা সম্পূর্ণ নতুন আঞ্চলিক ৰাজনৈতিক দল হ’ব৷ দলটোৱে সকলো জাতি–জনগোষ্ঠী, ধর্ম–ভাষা–বর্ণৰ ৰাইজক সামৰি ল’ব৷ ইতিমধ্যে দলটোৰ সংবিধান আৰু কর্মসূচী প্রস্তুত কৰা হৈছে৷ এই কর্মসূচীখনৰ নাম হ’ব ‘অসমবাসীৰ জাতীয় কর্মসূচী’৷

এই সংবিধান আৰু কর্মসূচী সংগঠনৰ কেন্দ্রীয় সমিতি, জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়ালৈ প্রেৰণ কৰা হ’ব৷ পৰৱর্তী সময়ত অসমৰ ৰাইজৰ মতামতৰ ভিত্তিত ইয়াক চূড়ান্ত ৰূপ দিয়া হ’ব৷ আনহাতে নির্বাচনী ৰণনীতি সন্দর্ভত কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতিগৰাকীয়ে কয়, ‘আমি এক ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তি বিচাৰোঁ৷ হিন্দু অথবা মুছলমান সকলো ধৰণৰ সাম্প্রদায়িক শক্তিৰ বিৰুদ্ধে ঐক্যবদ্ধ আপোচহীন আঞ্চলিক দল গঢ়ি তোলা হ’ব৷ এই দলে কোনো ৰাষ্ট্রীয়তাবাদী ৰাজনৈতিক শক্তিৰ লগত আপোচ নকৰে৷’ এই নতুন ৰাজনৈতিক শক্তিৰ লগত আঞ্চলিকতাবাদত বিশ্বাসী, অসমৰ স্বাভিমানৰ প্রতি দায়বদ্ধ, ধর্মনিৰপেক্ষ ব্যক্তিক সহযোগিতা কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়৷

আনহাতে নতুন ৰজৈনৈতিক দলটোৰ নাম সন্দর্ভত কৃষক মুক্তিৰ সভাপতি ভাস্ক’ ডি শইকীয়াই কয় যে সংগঠনটোৰ মূল নেতা অখিল গগৈ বিগত ৮ মাহ ধৰি কাৰাগাৰত আবদ্ধ হৈ আছে৷ তেওঁৰ মুক্তিৰ বাবে তীব্র আইনী যুঁজ চলি আছে৷ কাৰাগাৰৰ পৰা মুকলি হৈ আহিলে কৃষক নেতাগৰাকীয়ে নিজ মুখেৰে নতুন আঞ্চলিক দলৰ নাম ঘোষণা কৰিব৷ উল্লেখ্য যে আজিৰ সংবাদ মেলত কৃষক মুক্তি সংগ্রাম সমিতিৰ অন্যতম সভাপতি ৰাজু বৰা, কার্যকৰী সভাপতি অনিল বড়ো আৰু উপদেষ্টা হুছেইন মহম্মদ ছাহজাহানো উপস্থিত থাকে৷

You might also like