ৰাইজৰ পৰা অর্থ সাহায্য বিচাৰিলে হাইৰান অজাপই
নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ বিজেপি বা কংগ্রেছৰ দৰে দলক ধনবলৰ দিশেৰে প্রত্যাহ্বান জনাব পৰা সামর্থ্য নাই নব্যগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ৷ এনে পৰিস্থিতিত জনসাধাৰণৰ শুভেচ্ছা আৰু সহযোগিতাই হৈ পৰিছে নতুন দলটোৰ একমাত্র মূলধন৷ সেই বাবেই জনসাধাৰণৰ পৰা আর্থিক সহায় বিচাৰি দলটোৱে ৰাজহুৱা কৰিলে একাউণ্ট নম্বৰ৷
মহানগৰীত এখন সংবাদ মেল সম্বোধন কৰি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে ভাৰতীয় জনতা পার্টী পুঁজিপতি বণিয়াৰ দল হিচাপে পৰিচিত৷ কংগ্রেছৰো আছে ১০০ বছৰ পুৰণি ইতিহাস৷ গতিকে ধনবলৰ দিশৰ পৰা বিজেপি আৰু কংগ্রেছক প্রত্যাহ্বান জনাব পৰা ক্ষমতা অসম জাতীয় পৰিষদৰ নাই৷ অসমৰ ৰাইজৰ জাতীয়তাবাদী চেতনা আৰু স্বাভিমান প্রতিষ্ঠাৰ চিন্তাই দলটোৰ মূলধন৷ সেয়ে ৰাইজৰ শুভেচ্ছা আৰু আশীর্বাদৰ উপৰি অসম জাতীয় পৰিষদে আর্থিক সহযোগিতাও বিচাৰিছে৷ শুভাকাংক্ষী ৰাইজে নূ্যনতম এটকাৰ পৰা আৰম্ভ কৰি নিজৰ সাধ্যানুসাৰে এইচ ডি এফ চি বেংকৰ ৫৯২০২০২০২০২১১১নং একাউণ্টত নিজৰ বৰঙণি আগবঢ়াব পাৰিব৷
আই এফ এছ চি কোড হ’লHDFC0000399৷ বৰঙণিৰ সকলো তথ্য এসপ্তাহৰ মূৰে মূৰে ৱেবছাইটযোগে ৰাজহুৱা কৰা হ’ব৷ আনহাতে, অসমৰ জনসাধাৰণৰ পৰামর্শ, পৰিকল্পনা আৰু আশা–আকাংক্ষা আঞ্চলিক দলটোক পোনপটীয়াকৈ অৱগত কৰিব পৰাকৈ এটা ট’ল ফ্রী নম্বৰো মুকলি কৰা হৈছে৷ অজাপৰ জৰিয়তে নিজৰ চিন্তা–চেতনাক প্রতিফলিত কৰিব বিচৰা লোকসকলে ১৮০০–২৭০–২৬২৬১ নম্বৰত ফোন কৰি নিজৰ মনৰ ভাব ব্যক্ত কৰিব পাৰিব৷ একে সময়তে এগৰাকী ‘জাতীয় সেৱক’ হিচাপে ইচ্ছুক লোকসকলে দলীয় কাম–কাজৰ লগত জড়িত হ’ব পাৰিব৷ ইয়াৰ বাবেsevak.assamjatiyaparishad.orgত তেওঁলোকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব৷
সংবাদ মেলত অজাপৰ সভাপতিগৰাকীয়ে লগতে ঘোষণা কৰে যে আজিৰ পৰা বিভিন্ন বিধানসভা সমষ্টিৰ প্রার্থিত্বৰ বাবে আবেদন কৰাৰ প্রক্রিয়াও আৰম্ভ হৈছে৷ প্রার্থিত্বপ্রয়াসীসক অহা ২৫ ফেব্রুৱাৰীৰ পূর্বে ২০ হাজাৰ টকাৰ মাচুল জমা দি আবেদন জনাব লাগিব৷ ইফালে, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বিপক্ষে কংগ্রেছে প্রার্থী প্রক্ষেপ নকৰে বুলি কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি অজাপৰ সভাপতিগৰাকীয়ে কয় যে কাৰোবাৰ অনুগ্রহত অসম জাতীয় পৰিষদে জাতীয়তাবাদ প্রতিষ্ঠা কৰিব বিচৰা নাই৷ ৰাষ্ট্রীয় ৰাজনৈতিক দল আৰু সাম্প্রদায়িক দলৰ বোকোচাত উঠি স্বাভিমানী জাতীয়তাবাদ প্রতিষ্ঠা কৰা সম্ভৱ নহয়৷ স্বতন্ত্র চিন্তাৰে অসমত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰাটোৱে অসম জাতীয় পৰিষদৰ মূল লক্ষ্য৷