হাগ্রামাৰ ঘনিষ্ঠ জনমোহনৰ গৃহত অস্ত্র বিচাৰি তালাচী আৰক্ষীৰ
প্রাক্তন বিএলটি নেতাৰ গৃহত জব্দ বহু আপত্তিজনক সামগ্রী
নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ প্রাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰীৰ কোকৰাঝাৰ চহৰস্থিত বাসভৱনত বৃহস্পতিবাৰে আৰক্ষীয়ে তালাচী অভিযান চলায়৷ যোৱা ২ ফেব্রুৱাৰীত জিলাখনৰ গোসাঁইগাঁও মহকুমাৰ শৰাইবিল অঞ্চলত বৃহৎ অস্ত্র ভাণ্ডাৰ উদ্ধাৰৰ ঘটনা সন্দর্ভত আৰক্ষীয়ে মুছাহাৰীৰ বাসভৱনত তালাচী চলায়৷ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছন, অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজী ৰাণী শর্মাৰ নেতৃত্বত আৰক্ষীৰ এটা বিশাল দলে বৃহস্পতিবাৰে ১ মান বজাত জনমোহন মুছাহাৰীৰ বাসগৃহত তালাচী অভিযান আৰম্ভ কৰে৷ কেইবাঘণ্টা ধৰি আৰক্ষীৰ দলে মেটেল ডিটেক্টৰ লৈ মুছাহাৰীৰ দুমহলীয়া বাসগৃহৰ প্রতিটো কোঠা, তলে–ওপৰে তথা চুকে–কোণে তন্ন তন্নকৈ তালাচী চলায়৷
জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, জিলাখনৰ গোসাঁইগাঁও মহকুমাৰ শৰাইবিলৰ নাশ্রাইবিলত বৃহৎ পৰিমাণৰ অস্ত্র ভাণ্ডাৰ উদ্ধাৰৰ ঘটনা সন্দর্ভতে আজি প্রাক্তন বিএলটি কল্যাণ পৰিষদৰ নেতাগৰাকীৰ বাসগৃহত তালাচী অভিযান চলোৱা হয়৷ মূলতঃ অবৈধ অস্ত্র আৰু আন বিষয়ক লৈ তালাচী চলোৱা হৈছে৷ তদুপৰি আপত্তিজনক সা–সামগ্রী উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে যদিও কি কি সা–সামগ্রী উদ্ধাৰ কৰা হৈছে, তাৰ সবিশেষ তথ্য প্রকাশৰ পৰা বিৰত থাকে আৰক্ষী অধীক্ষকগৰাকী৷ তদন্ত তথা অনুসন্ধান প্রক্রিয়া সম্পূর্ণ হোৱাৰ পিছতহে সবিশেষ ক’ব পৰা যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে৷ ইপিনে, সন্ধিয়া ছয় মান বজাত মুছাহাৰীয়ে নিজ বাসগৃহত এখন সংবাদ মেলৰ আয়োজন কৰি তেওঁৰ বাসগৃহত চলোৱা তালাচীৰ অন্তৰালত ৰাজনৈতিক ষডযন্ত্র থাকিব পাৰে বুলি আশংকা ব্যক্ত কৰে জনমোহন মুছাহাৰীয়ে৷ তেওঁৰ ঘৰত পাবলৈ একো নাই বুলি মন্তব্য কৰি মুছাহাৰীয়ে সদৰী কৰা মতে, তালাচীৰ সময়ছোৱাত আৰক্ষীয়ে তেওঁৰ কিছুমান বেংক একাউণ্ট, পত্নীৰ আ–লংকাৰ, দুটা এয়াৰ গান আৰু দুই–এটা টকা জব্দকৃত তালিকাত সন্নিৱিষ্ট কৰিছে৷ তাৰ বাহিৰে একো নাই বুলি মুছাহাৰীয়ে সংবাদ মেলযোগে জানিবলৈ দিছে৷