বিজেপিয়ে বিটিচিত এখনো আসন নাপায়ঃ হাগ্রামা মহিলাৰী
নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ বিজেপিৰ সমান্তৰালকৈ বিপিএফেও অব্যাহত ৰাখিছে নির্বাচনী প্রচাৰ সভা৷ পর্বতঝোৰা ব্লক বিপিএফৰ উদ্যোগত দেৱীতোলা হাইস্কুলত আয়োজিত এখন নির্বাচনী সভাত ভাষণ প্রদান কৰি বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে কয় যে বিজেপিয়ে বিটিচিত যিমানেই নির্বাচনী প্রচাৰ নচলাওক কিয়, এখনো আসন নাপায়৷
ইফালে, তেওঁৰ শাসনকালত বিটিচিত কোনো দুর্নীতি সংঘটিত হোৱা নাই বুলি দাবী কৰি মহিলাৰীয়ে কয়–‘বিগত প্রায় ৬ মাহ ধৰি চলি থকা ৰাজ্যপালৰ শাসনকালত কোনোধৰণৰ দুর্নীতি হোৱাৰ তথ্য উন্মোচিত নোহোৱা ঘটনাই তাকেই প্রমাণ কৰিছে৷ ২০২১ চনৰ এপ্রিললৈ বিটিচিৰ পৰা কোনো অনাবড়োৰ গাঁও কর্তন নহয় আৰু নতুন কোনো গাঁও নোসোমায়৷’ সভাত বিপিএফ প্রার্থী মুনমুন ব্রহ্ম, প্রাক্তন ইএম বনমালী বড়োকে ধৰি বহুসংখ্যক নেতা উপস্থিত থাকে৷