হজৰ অনলাইন আবেদন আৰম্ভঃ অসম আল আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ ট্ৰেভেলচৰ আদৰণি
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : ভাৰতীয় ইছলামধৰ্মীয় লোকসকলৰ বাবে ভাল খবৰ। আজিৰে পৰা আৰম্ভ হৈছে ২০২২ চনৰ বাবে হজৰ অনলাইন আবেদনৰ প্ৰক্ৰিয়া । ভাৰতীয় হজ কমিটিয়ে এই কথা ঘোষণা কৰিছে। উল্লেখ কৰা মতে এই আবেদন জানুৱাৰী মাহৰ ৩১ তাৰিখলৈকে চলিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বিগত দুটা বছৰ কভিডৰ বাবে হজ বন্ধ ৰাখিব লগীয়া হৈছিল। যাৰ বাবে হজৰ আবেদন কৰাৰ কথা ভাৰতীয় হজ কমিটিয়ে ঘোষণা কৰাৰ লগে লগে ভাৰতীয় ইছলামধৰ্মীয় লোকসকল উৎফুল্লিত হৈ পৰিছে।
এইক্ষেত্ৰত অসম আল আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ ট্ৰেভেলচৰ অধ্যক্ষ আলহাজ আব্দুল হাই আৰু মুখ্য সচিব আলহাজ মনিৰ উদ্দিনে ভাৰতীয় হজ কমিটিৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় হজ মন্ত্ৰী মুকুতাৰ আব্বাছ নাকবীক শুভেচ্ছা জ্ঞাপন কৰিছে।
ইপিনে ২০২২ চনৰ বাবে অসমত আল আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ ট্ৰেভেলচৰ জৰিয়তে ওমৰাহ হজৰ বুকিং চলি আছে বুলি জানিবলৈ দিয়ে। যি সকল লোকে ওমৰাহ হজ কৰিব বুলি মন মেলিছে সেইসকল লোকে অচিৰেই অসমৰ একমাত্ৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ট্ৰেভেলচ অসম আল আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ ট্ৰেভেলচৰ সৈতে যোগাযোগ কৰাৰ বাবে পবিত্ৰ মক্কাৰ পৰা আলহাজ মনিৰ উদ্দিনে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে।
Input:মফিদুল ইছলাম,কলগাছিয়া