আৰক্ষী শ্বহীদ দিৱসত আয়োজিত মাৰাথান দৌৰত উজলিল বিহালীৰ সুনিল আৰু মেঘজ্যোতি
নিয়মীয়া বাৰ্তা, ১ নবেম্বৰ: বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত যোৱা ৩০ অক্টোবৰত পোন প্ৰথমবাৰৰ বাবে বিশ্বনাথ জিলা ভিত্তিত আয়োজিত “আৰক্ষী স্বহীদ দিৱস” উপলক্ষে অৰ্ধ মাৰাথান দৌৰ প্ৰতিযোগিতাত বিহালী ৰাংছালী গাঁৱৰ দুগৰাকী যুৱক ক্ৰমে সুনিল দাস আৰু মেঘজ্যোতি শইকীয়া উজ্বলি উঠে। প্ৰতিযোগিতাত সুনিল দাসে পঞ্চম আৰু মেঘজ্যোতি শইকীয়াই দশম স্থান অধিকাৰ কৰে । দুয়োজন যুৱকৰ এই সাফল্যতাত ৰাংছালী গাঁওবাসী যথেষ্ট উৎফুল্লিত হৈ অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ এই সাফল্যতাত সদৌ ৰাংছালী আৰ্থসামাজিক উন্নয়ন সমিতিয়ে কালি যুৱক দুজনৰ বাসগৃহত উপস্থিত হৈ দুয়োগৰাকী যুৱকক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে৷
অনুষ্ঠানত আৰ্থ সামাজিক সিমিতিৰ সভাপতি চিৰাজ হাজৰিকা,কাৰ্যকৰী সভাপতি সঞ্জীৱ কুমাৰ দাস,মুখ্য উপদেষ্টা ৰঞ্জন বনিয়া,সহকাৰী সম্পাদক উদয় দাস,বিত্ত আৰু প্ৰচাৰ সম্পাদক নয়ন দাস ,তুলতুল দাসকে ধৰি অনান্য বিষয়ববীয়া সকল উপস্থিত থাকে আৰু সমিতিৰ কাৰ্যকৰী সভাপতি সঞ্জীৱ দাসে সুনীল দাসক আৰু উপদেষ্টা ৰঞ্জন বণিয়াই মেঘজ্যোতি শইকীয়াক গামোচাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানটিৰ সভাপতি চিৰাজ হাজৰিকাই আঁত ধৰি অনাগত দিনবোৰতো যাতে গাঁওখনৰ নাম এনে দৰে উজ্জ্বলাই তুলিবলৈ সক্ষম হয় তাকে কামনা কৰে।