নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭,৬৬৯ শিশুৰ হূদযন্ত্রৰ অপাৰেচন, ৫০ৰ বনমেৰ’, ৫ শিশুৰ লিভাৰ ট্রেন্সপ্লেণ্ট সম্পন্ন

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ জটিল ৰোগত ভোগা শিশুসকলৰ বিনামূলীয়া চিকিৎসাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে স্নেহস্পর্শ নামৰ এখন আঁচনি গ্রহণ কৰিছে৷ এই আঁচনিৰ জৰিয়তে ১২ বছৰ বয়সলৈকে হূদযন্ত্রত ছিদ্র থকা শিশুৰ অপাৰেচন, বনমেৰ’–কিড্নী–লিভাৰ ট্রেন্সপ্লেণ্ট সম্পূর্ণ বিনামূলীয়া কৰা হৈছে৷ ধনী–গৰিব নির্বিশেষে সকলোকে এই আঁচনিয়ে সামৰি ল’ব৷ ইয়াৰ বাবে  জি এম চি এইচত বিনামূলীয়া পৰীক্ষা শিবিৰ আৰু পৰৱর্তী সম্পূর্ণ চিকিৎসা সহায়ৰ বাবে স্বাস্থ্য বিভাগে এক কার্যসূচী গ্রহণ কৰে৷ এই কার্যসূচীত অংশগ্রহণ কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে এনে জটিল ৰোগত আক্রান্ত হৈ থকা শিশুসকলৰ চিকিৎসাৰ বাবে এতিয়াৰে পৰা প্রতি মাহৰ ১০ তাৰিখে জি এম চি এইচত স্ক্রীনিং অনুষ্ঠিত হ’ব৷ স্ক্রীনিঙৰ পাছত সেইসকল শিশুক দেশৰ ভিন্ন প্রান্তৰ লগতে যিসকলক যেনেধৰণৰ চিকিৎসাৰ প্রয়োজন হয়, চৰকাৰে সেই চিকিৎসা সেৱা সম্পূর্ণ বিনামূলীয়াকৈ আগবঢ়াব৷ ইয়াৰ বাবে তেনে ৰোগত আক্রান্ত হৈ থকা শিশুসকলক জি এম চি এইচলৈ আনি সেই আঁচনিৰ সুবিধা গ্রহণ কৰিবলৈ মন্ত্রী ড০ শর্মাই অভিভাৱকসকলক আহ্বান জনায়৷ ভাষণত তেওঁ কয় যে স্নেহস্পর্শ আঁচনিৰ দ্বাৰা এতিয়ালৈ ৫৩৯গৰাকী হিতাধিকাৰী উপকৃত হৈছে৷ সেইদৰে ২০১৩ চনৰ পৰা অসম আৰোগ্য নিধিৰ অধীনত এতিয়ালৈ ৩,৬৬৯গৰাকী হিতাধিকাৰী উপকৃত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে হূদযন্ত্রত ছিদ্র থকা সেইসকল শিশুৰ অপাৰেচন কৰি ইতিমধ্যে সুস্থ কৰি তোলা হৈছে৷ এই অপাৰেচনৰ বাবে একোটি শিশুৰ বাবে দুই লাখৰ পৰা ১৫ লাখ টকা পর্যন্ত ব্যয় হৈছে৷

অসমৰ বাহিৰে দেশৰ কোনো ৰাজ্যতেই এনে আঁচনি নাই৷ তদুপৰি এতিয়ালৈ ৫০টি শিশুৰ বনমেৰ’ আৰু ৫টি শিশুৰ লিভাৰ ট্রেন্সপ্লেণ্ট সম্পূর্ণ হৈছে৷ আনহাতে, অনুষ্ঠানতে জীৱনৰ প্রতি ভাবুকি সৃষ্টি কৰা ৰোগ তথা প্রাকৃতিক আৰু মানৱসৃষ্ট দুর্যোগৰ ফলত হোৱা আঘাতৰ চিকিৎসাৰ বাবে বছৰত ৫ লাখ টকাতকৈ কম আয়ৰ পৰিয়ালৰ বাবে অসম আৰোগ্য নিধিৰ অধীনত ১৮০গৰাকী হিতাধিকাৰীক সর্বাধিক ৩ লাখ টকালৈকে আর্থিক অনুদান প্রদান কৰে৷ এতিয়ালৈকে এই আঁচনিৰ অধীনত ৩,৫৬২গৰাকী ব্যক্তিলৈ আর্থিক সাহায্য আগবঢ়োৱা হৈছে৷ ইয়াৰ বাবে চৰকাৰে ২৫.৪৫ কোটি টকা ব্যয় কৰিছে৷ বিগত ৬টা মাহ ৰাজ্যখনে ক’ভিড–১৯ৰ সৈতে যুঁজ কৰি অহাত স্বাস্থ্য বিভাগৰ অন্যান্য আঁচনিসমূহ আগবঢ়াই নিব পৰা হোৱা নাছিল যদিও শেহতীয়াকৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ভিডৰ লগত যুঁজিবলৈ যাৱতীয় অভিজ্ঞতা অর্জন কৰাৰ পাছত এতিয়া আন আঁচনিসমূহ ৰূপায়ণৰ কাম আৰম্ভ কৰিছে৷ যোৱা ৬টা মাহত ৰাজ্যৰ স্বাস্থ্য বিভাগে প্রায় ২ লাখ লোকক ক’ভিডৰ চিকিৎসা আগবঢ়ালে সম্পূর্ণ বিনামূলীয়াভাৱে৷ এই সময়ছোৱাত ৩.৫ লাখ লোকক সম্পূর্ণ বিনামূলীয়াকৈ কোৱাৰেণ্টাইন কেন্দ্রত ৰখা হ’ল৷

জটিলভাৱে ক’ভিডত আক্রান্তসকলক বিনামূলীয়াকৈ এডভান্সড ট্রিটমেণ্ট আগবঢ়াইছে৷ সেইদৰে ৪০ লাখ লোকৰ বিনামূলীয়াকৈ ক’ভিড টেষ্ট কৰা হৈছে৷ একোটা ক’ভিড টেষ্টত ব্যয় এহাজাৰ টকাকৈ ধৰিলেও ইয়াৰ বাবে ৪০০ কোটি টকা খৰচ হৈছে৷ তদুপৰি একে সময়ছোৱাতে চৰকাৰে অৰুণোদয়, স্বয়মৰ দৰে আঁচনি ৰূপায়ণৰ কামো হাতত লৈছে৷ ৰাজ্যিক কর্মচাৰীসকলকো দৰমহা প্রতিমাহৰ প্রথম দিনাই দি আহিছে৷ মুঠতে ৰাজ্যখনৰ ক’ভিডৰ বাবে যি সময়ত ৰাজহৰ পৰিমাণ কমিছে, সেই সময়তো থমকি নৰৈ অসম্ভৱকো সম্ভৱ কৰি তোলাৰ ব্যৱস্থা হাতত লৈছে৷

You might also like