নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞা সংস্কৃতিৰ জন্ম দি আগ্রাসন বাংলাদেশীৰ

নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ বিহাৰ নির্বাচনত বিজেপিৰ জয়লাভে আগন্তুক পশ্চিমবংগ আৰু অসমৰ নির্বাচনত বিজেপিৰ পক্ষত ইতিবাচক প্রভাৱ পেলাব৷ –এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

শনিবাৰে দেশৰ প্রখ্যাত সংবাদ গোষ্ঠী ‘দ্য ইণ্ডিয়ান এক্সপ্রেছ’–ৰ ‘আইডিয়া এক্সচেঞ্জ প্রগ্রেম’ৰ অন্যতম অংশগ্রহণকাৰী ৰূপে এই মন্তব্য মন্ত্রী ড০ শর্মাৰ৷ অনুষ্ঠানটোত তেওঁ কয় যে দেশৰ বিভিন্ন ৰাজ্যত হোৱা উপ–নির্বাচন আৰু বিহাৰ বিধানসভা নির্বাচনত বিজেপিৰ জয়লাভ ২০১৯ চনৰ লোকসভা নির্বাচনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জনপ্রিয়তাৰ পুনৰাবৃত্তি৷ এই ফলাফলে দেশৰ জনসাধাৰণৰ মাজত প্রধানমন্ত্রী মোদীৰ প্রতি থকা অকুণ্ঠ সমর্থন অধিক শক্তিশালী কৰি তুলিলে৷ পৰৱর্তী নির্বাচনসমূহত ইয়াৰ ইতিবাচক প্রভাৱ লাভ কৰিব বিজেপিয়ে৷ অসমৰ আগন্তুক বিধানসভা নির্বাচনৰ প্রেক্ষাপটত মন্ত্রী ড০ শর্মাই কয় যে বিভিন্ন সময়ত বাংলাদেশৰ পৰা প্রব্রজন হোৱা মুছলিম ভোটাৰসকলে বিজেপিক কোনো কাৰণতে ভোট নিদিয়ে আৰু সেই বাবেই ইয়াক লৈ বিজেপিয়ে কোনোদিনে মূৰ ঘমোৱা নাই৷ কিন্তু চৰকাৰে বিকাশৰ কাম–কাজসমূহ অব্যাহত ৰাখি যাব৷ মন্ত্রী শর্মাই লগতে কয়– ‘অসমৰ আগন্তুক বিধানসভা নির্বাচন মূলতঃ দুটা ইছ্যুৰ ওপৰত নির্ভৰ কৰিব৷ এটা হৈছে বিজেপি চৰকাৰৰ বিকাশমুখী কাম–কাজ আৰু আনটো হৈছে দুটা সংস্কৃতিৰ মাজত হোৱা সংঘাত৷ অসমত এতিয়া দুটা সংস্কৃতিৰ মাজত সংঘাত অব্যাহত আছে৷ অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে বাংলাদেশৰ পৰা প্রব্রজন কৰা মুছলমানসকলে মিঞা সংস্কৃতি নামেৰে এটা নতুন সংস্কৃতিৰ জন্ম দিছে৷ মিঞা কবিতা, মিঞা বিদ্যালয় এইবোৰ হৈছে মিঞা সংস্কৃতিৰ অংশবিশেষ৷ এই মিঞা সংস্কৃতিয়ে এতিয়া অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে আগ্রাসী ৰূপ ধাৰণ কৰিছে আৰু আমি অসমীয়া সংস্কৃতিৰ সুৰক্ষাৰ বাবে মিঞা সংস্কৃতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ৷ এই যুঁজ কিন্তু হিন্দু–মুছলমানৰ নহয়৷ এই যুঁজ ধর্মীয় যুঁজ নহয়৷ এই যুঁজ সাস্কৃতিক আগ্রাসনৰ বিৰুদ্ধেহে৷ এই যুঁজত অসমৰ মুছলিম ধর্মাৱলম্বী লোকেও আমাক সমর্থন জনাই আহিছে৷ অসমীয়া মুছলমান ধর্মাৱলম্বী লোকে বিজেপিক ভোটদান কৰিছে আৰু সমর্থন কৰি আহিছে৷’

আগন্তুক বিধানসভা নির্বাচনত বিজেপিয়ে অসমীয়া সংস্কৃতি ৰক্ষা কৰাৰ যুঁজত নামিব বুলি উল্লেখ কৰি নিজ বক্তব্যত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– আমি যিকোনো মূল্যৰ বিনিময়ত সমন্বিত বহুমাত্রিক অসমীয়া সংস্কৃতি ৰক্ষা কৰিব লাগিব৷ অসমলৈ বাংলাদেশৰ পৰা অহা প্রব্রজনকাৰীৰ বাহিৰে আন সকলো লোকেই বৃহত্তৰ অসমীয়া সংস্কৃতিৰ সৈতে বিলীন হৈ গৈছে৷ এই ভিন্ন সংস্কৃতিৰ সমন্বয়তে বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে৷ কিন্তু বাংলাদেশী প্রব্রজনকাৰীসকল বৃহত্তৰ অসমীয়া সংস্কৃতিৰ মাজত পৃথক পৰিচয় সৃষ্টি কৰাৰ ষড়যন্ত্র অব্যাহত ৰাখিছে৷ তেওঁলোকে এতিয়া অসমীয়া সংস্কৃতিৰ মাজত নিজৰ স্থান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ সৃষ্টি হোৱা মিঞা মিউজিয়ামৰ প্রসংগ উল্লেখ কৰি মন্ত্রী ড০ শর্মাই নিজ বক্তব্যত কয়– ‘শ্রীমন্ত শংকৰদেৱ অসমৰ বৈষ্ণৱ আন্দোলনৰ প্রধান সংস্কাৰক৷ এই মহাপুৰুষজনাই অসমত সাংস্কৃতিক নৱজাগৰণৰ সৃষ্টি কৰাৰ লগতে হিন্দু ধর্মৰ আধ্যাত্মিক দিশৰ ওপৰতো গুৰুত্ব দি অসমৰ সমাজ জীৱনত এক নতুন ধাৰা সৃষ্টি কৰিছিল৷ তেওঁৰ ধর্মীয় সাংস্কৃতিক আন্দোলনটো আগুৱাই নিবলৈ অসমত সত্র, নামঘৰ আদি স্থাপন কৰিছিল৷ বিজেপি চৰকাৰে এই সত্রসমূহত বাংলাদেশী প্রব্রজনকাৰীয়ে চলোৱা বেদখল ইতিমধ্যে উচ্ছেদ কৰিবলৈ সক্ষম হৈছে৷ এতিয়া মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ নামত প্রতিষ্ঠা কৰা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র নামৰ ৰাজ্যৰ সন্মানীয় সাংস্কৃতিক অনুষ্ঠানখনৰ ওপৰতো আগ্রাসন চলাইছে বাংলাদেশী অনুপ্রৱেশকাৰীয়ে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রই যি সময়ত মহাপুৰুষজনাৰ বৈষ্ণৱ সাংস্কৃতিক নৱজাগৰণক প্রতিফলিত কৰিছে, তাত এতিয়া মিঞা মিউজিয়াম স্থাপনৰ দাবী উত্থাপন হৈছে৷ উক্ত স্থানত মিঞা লুঙী সংৰক্ষণৰ দাবী উঠিছে৷ তাৰ বিৰুদ্ধে আমি যুঁজ দিবই লাগিব৷ এনে আগ্রাসনে আমাৰ অসমীয়া সংস্কৃতি ধ্বংস কৰিব৷ মিঞা নামৰ কোনো ভাষা–সংস্কৃতি পৃথিৱীৰ ক’তো আপোনালোকে বিচাৰি নাপায়৷ এনে কোনো স্বতন্ত্র সংস্কৃতিৰ ক’তো পৰিচয় নাই৷ একমাত্র অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে চলোৱা আগ্রাসনৰ বাবেই এনে সংস্কৃতিৰ জন্ম দিয়া হৈছে, যাৰ বিৰুদ্ধে আমি যুঁজ দিবলৈ প্রস্তুত৷ আমি মিঞা সাংস্কৃতিক আগ্রাসন প্রতিৰোধ কৰি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে প্রতিষ্ঠা কৰা অসমীয়া সংস্কৃতি ৰক্ষা কৰিবই লাগিব৷’

ইফালে ৰাজ্যৰ ৬০০ মাদ্রাছা বন্ধ কৰাৰ সিদ্ধান্ত সন্দর্ভত মন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে এই মাদ্রাছাসমূহ বন্ধ কৰি সাধাৰণ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰিত কৰা প্রক্রিয়াৰ শেষ স্তৰত উপনীত হৈছে৷ এই মাদ্রাছাসমূহত কোৰানক এটা বিষয় হিচাপে লৈ হোৱা মূল্যাংকনৰ ক্ষেত্রত বৈষম্য সৃষ্টি হৈ আহিছিল৷ কোৰানৰ ওপৰত অধ্যয়ন কৰি এজন শিক্ষার্থীয়ে যি সময়ত ২০০ নম্বৰ লাভ কৰিছিল, তাৰ বিপৰীতে আন বিষয়ত তেনে নম্বৰ পোৱাটোৰ ক্ষেত্রত বৈষম্যৰ জন্ম হৈছিল৷ সেই বাবেই আমাৰ সন্মুখত দুটা পথেই খোলা আছিল– হয় কোৰানৰ দৰে বাইবেল, গীতা আদি ধর্মগ্রন্থৰ ওপৰতো পৰীক্ষা অনুষ্ঠিত কৰি মূল্যাংকন হ’ব লাগিব, নহয় কোৰানৰ ওপৰত হোৱা মূল্যাংকন বন্ধ কৰিব লাগিব৷ কিন্তু অসমৰ দৰে সৰু সৰু জাতি–জনগোষ্ঠীৰ আৰু ভিন্ন সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা বৃহত্তৰ অসমীয়া সংস্কৃতিৰ পটভূমিত এনেদৰে সকলো ধর্মগ্রন্থৰ অধ্যয়নৰ সুবিধা দি শিক্ষার্থীৰ মূল্যাংকন কৰা সম্ভৱ নহয়৷ তাতকৈ কোৰানৰ দৰে বিষয় শিক্ষানুষ্ঠানৰ পৰা আঁতৰাই দিয়াটোৱেই যথেষ্ট সহজ৷ কিয়নো সীমিতসংখ্যক লোকেহে চৰকাৰী শিক্ষানুষ্ঠানত ধর্মগ্রন্থৰ অধ্যয়ন আৰু তেনে বিষয়ত মূল্যায়ন হোৱাটো সমর্থন জনায়৷ সেই বাবেই নৱেম্বৰ মাহত এক জাননীযোগে অসমত ধর্মীয় গ্রন্থ অধ্যয়ন কৰাটো বন্ধ কৰি দিয়া হৈছে৷ ৰাজহুৱা ধনেৰে ধর্মগ্রন্থ অধ্যয়ন সমর্থনযোগ্য হ’ব নোৱাৰে বুলিও মন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷

উল্লেখ্য যে বিহাৰ নির্বাচনৰ ফলাফলৰ পাছত আৰু আগন্তুক অসম বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত দ্য ইণ্ডিয়ান এক্সপ্রেছৰ অনুষ্ঠানৰ মঞ্চত মন্ত্রী ড০ শর্মাৰ এনে মন্তব্য যথেষ্ট গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷

You might also like