নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভাৱনীয়–অভূতপূর্ব-অবিস্মৰণীয়ঃ অসমৰ ৰাজনৈতিক ইতিহাসত নজিৰ গঢ়ি জালুকবাৰীত ড০ শর্মাৰ মনোনয়ন

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ নির্বাচনী বতৰত শুকুৰবাৰৰ দিনটোত গেৰুৱাময় হৈ পৰিল মহানগৰী৷ গুৱাহাটীৰ ৰাজপথত শুকুৰবাৰে যেন সৃষ্টি হ’ল জনতাৰ ছুনামি৷ লক্ষাধিক শুভাকাংক্ষী, সমর্থকৰ জনসমুদ্রক লৈ কালি জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উপর্যুপৰি পঞ্চমবাৰৰ বাবে জালুকবাৰী সমষ্টিক প্রতিনিধিত্ব কৰাৰ লক্ষ্যৰে কালি সমর্থকৰ পাৰভগা উছাহৰ মাজেৰে মাতৃ–পত্নী–পুত্রক লগত লৈ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা বিশাল পদযাত্রা কৰি কামৰূপ জিলা উপায়ুক্তৰ কার্যালয়ত মনোনয়ন দাখিল কৰা মন্ত্রী ড০ শর্মাক সংগ দিলে জালুকবাৰী সমষ্টিৰ ৰাইজ তথা ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা অহা সহস্রাধিক সমর্থকে৷ মুখে মুখে এটাই কথা– দাদাই মনোনয়ন দিবলৈ আহিছে, সেয়েহে  জালুকবাৰীৰ ৰাইজৰ উছাহৰ অন্ত নাই৷ বেণ্ডপার্টী, ঢুলীয়া, নাচনীৰ দল লৈ প্রিয় নেতাজনৰ মনোনয়ন দাখিলৰ সমদলত নামি পৰিল আবাল–বৃদ্ধ–বনিতাক ধৰি সকলো শ্রেণীৰ ৰাইজ৷ প্রিয় নেতাজনক ওচৰৰ পৰা এবাৰ চুই চোৱাৰ বাবে সমদলত কালি দেখা গ’ল অভাৱনীয় হেতা–ওপৰা৷ এনে জনসমুদ্রৰ মাজেৰে দুপৰীয়া প্রায় ১২.৩০ বজাত যাত্রা আৰম্ভ কৰা মন্ত্রী ড০ শর্মাই জিলা উপায়ুক্তৰ কার্যালয় পর্যন্ত এই সমগ্র পথছোৱা সমর্থকক হাত জোকাৰি সম্ভাষণ আৰু ধন্যবাদ জ্ঞাপন কৰিলে কৰে ড০ শর্মাই৷

তৃতীয় পর্যায়ৰ নির্বাচনৰ শুকুৰবাৰে অন্তিম দিনা উলিওৱা এই যাত্রা যেন মনোনয়নৰ যাত্রা নহয়, এয়া যেন বিজয়ৰ যাত্রাহে৷ ইয়াৰ পূর্বে কালি মন্ত্রী ড০ শর্মাৰ মনোনয়ন দাখিল অনুষ্ঠানত অংশ ল’বলৈ পুৱাই সমর্থকে ভিৰ কৰিলেহি সোণাৰাম স্কুল খেলপথাৰ চৌহদত৷ হাতত বিজেপিৰ পতাকা, চিহ্ণ লৈ জালুকবাৰী সমষ্টিৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা অহা জনতাই নিমিষতে গেৰুৱাময় কৰি তুলিলে সমগ্র খেলপথাৰ৷ সংগ দিলে মিত্রদল অগপৰো সহস্রাধিক সমর্থকে৷ ব্রহ্মপুত্রৰ পাৰ মুখৰিত হ’ল ‘ভাৰত মাতা কী জয়’, ‘হিমন্ত বিশ্ব শর্মা জিন্দাবাদ’, ‘বিজেপি জিন্দাবাদ’ ধ্বনিৰে৷ পূর্বে সু–সজ্জিত হৈ থকা মঞ্চত ঢুলীয়া–নাচনীৰ কঁকাল ভগা নাচ, কামৰূপীয়া ঢুলীয়াৰ ঢোলৰ ছেওৰ লগতে মণিপুৰী নৃত্য, বেণ্ডপার্টীৰ শব্দৰে মুখৰিত হৈ পৰিল সমগ্র নদীৰ পাৰ৷ সদাব্যস্ত মহানগৰীৰ ৰাজপথ ভৰি পৰিল বিজেপিৰ সমর্থকৰে৷ প্রিয় নেতাজনক পুনৰ জনপ্রতিনিধি ৰূপে নির্বাচিত কৰি পঠিয়াবলৈ যেন সংকল্পবদ্ধ হৈ অহা জালুকবাৰী সমষ্টিৰ ৰাইজৰ এটাই মন্তব্য– দাদাৰ জয় নিশ্চিত, দাদাৰ প্রতি থকা মৰম–স্নেহ অর্পণ কৰিবলৈহে আমি সমৱেত হৈছোঁ৷ জালুকবাৰী সমষ্টিৰ বাবে ভগৱানস্বৰূপ আমাৰ দাদা৷ ২৫ বছৰ ধৰি জালুকবাৰী সমষ্টিৰ সৈতে পোনপটীয়া সম্পর্ক আছে দাদাৰ৷ এনে নেতা আমি দেখা নাই৷ তেওঁৰ ঘৰলৈ গ’লে খালী হাতেৰে আহিব নালাগে৷ জালুকবাৰী সমষ্টিত এতিয়া ব’হাগ বিহু–দুর্গাপূজাৰ দৰে পৰিৱেশ৷ দুই মে’ত ফলাফল ঘোষণাৰ দিনা সমষ্টিত আমি পাতিম বিজয়া দশমী৷ দাদাক আমি কৈছোঁ– আপুনি ১২৫টা সমষ্টি চাওক, জালুকবাৰীত আমি আছোঁ৷ সেয়াই নহয়, উৎসাহিত সমর্থকে ক’লে– ৰাজ্যত এতিয়া চলিছে হিমন্ত বিশ্ব শর্মাৰ লহৰ৷ এই লহৰত জিলিকিব বিজেপি৷ পুৱাৰ ভাগতে ৰাজপথত সৃষ্টি হোৱা জনতাৰ ছুনামিৰ মাজতে পাটৰ চুৰিয়া পৰিধান কৰি এখন খোলা জীপত থিয় হৈ মনোনয়নৰ বাবে আগবাঢ়ে মন্ত্রী ড০ শর্মা৷ লগত পুত্র–পত্নী৷ লক্ষাধিক সমর্থকৰ পাৰভগা উছাহৰ মাজেৰে বিশাল সমদলেৰে কামৰূপ জিলা উপায়ুক্তৰ কার্যালয়লৈ আগবাঢ়ি যোৱা প্রিয় নেতাজনক ৰাজপথত ফুলাম গামোচা আৰু ফুল ছটিয়াই সম্বর্ধনা জনালে অনেকজনে৷ নাচি–বাগি জালুকবাৰী সমষ্টিৰ অভিভাৱকজনক মনোনয়নৰ বাবে সমর্থকে আগুৱাই নিয়া দৃশ্য আছিল আকর্ষণীয়৷ সমদলৰ পূর্বে মন্ত্রী ড০ শর্মাক সাদৰ–সম্ভাষণ জনায় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰ, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, বিজেপিৰ ৰাষ্ট্রীয় প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, সাধাৰণ সম্পাদক দিলীপ শইকীয়া, দলৰ সাংসদ ভুবনেশ্বৰ কলিতাকে ধৰি কেইবাজনো শীর্ষ নেতাই৷

উল্লেখ্য যে মনোনয়ন দাখিলৰ বাবে কালি কাহিলিপুৱাতে আশিস বিচাৰি দৌলগোবিন্দ মন্দিৰ আৰু কামাখ্যা মন্দিৰত সেৱা আগবঢ়ায় ড০ হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শর্মাই৷ ইয়াৰ পাছতেই মনোনয়ন দাখিলৰ বাবে আগবঢ়া ৰাজ্যৰ ৰাজনীতিৰ চাণক্যগৰাকীক হাতত হাত ধৰি জিলা উপায়ুক্তৰ কার্যালয়লৈ আগুৱাই নিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মণিপুৰৰ মুখ্যমন্ত্রী বীৰেন সি, কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰ, সাংসদ ভুবনেশ্বৰ কলিতা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷ কামৰূপ জিলা উপায়ুক্তৰ কার্যালয়ত নির্বাচনী বিষয়াৰ হাতত মনোনয়ন দাখিলৰ সময়ত তেওঁক ওচৰৰ পৰা সংগ দিলে মাতৃ–পত্নী–পুত্রই৷ মনোনয়ন দাখিলৰ পাছতেই জালুকবাৰী সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা আন দলক শুভেচ্ছা জনালে মন্ত্রী ড০ শর্মাই৷ তেওঁ ক’লে– মই অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ৷ জালুকবাৰীৰ ৰাইজকো কৃতজ্ঞতা জনাইছোঁ৷ কালি যি অভূতপূর্ব সমদলেৰে মনোনয়ন দিবলৈ লৈ আহিলে, তাৰ বাবে ৰাইজক নমস্কাৰ জনাইছোঁ৷ বিজেপিয়ে এইবাৰ সভ্যতা, সুৰক্ষা আৰু বিকাশক আগত লৈ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে৷ আমাৰ জয় ১০০ শতাংশ নিশ্চিত৷ মই মোৰ প্রতিদ্বন্দ্বীসকলক শুভেচ্ছা জনাইছোঁ৷ জালুকবাৰীৰ ৰাইজৰ অকুণ্ঠ মৰমৰ বাবে মই পুনৰ নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছোঁ৷ মই অসমবাসী ৰাইজৰ আশীর্বাদ বিচাৰিছোঁ, যাতে বিজেপি আৰু মিত্রদলৰ সকলো প্রার্থী জয়ী হয়৷

You might also like