নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্র–স্বামীক এৰি প্রেমিকৰ সৈতে পলাল মহিলা

নিয়মীয়া বার্তা, ২৭মেঃ হোজাইত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা৷ দিন–দুপৰতে মহিলা আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হ’ল স্বামী আৰু সন্তানক ত্যাগ কৰি প্রেমিকৰ সৈতে পলায়ন কৰা এগৰাকী মহিলা৷ প্রেমিকৰ ঘৰৰ পৰা মহিলাগৰাকীক আনিবলৈ গৈছিল আৰক্ষীৰ দল৷ কিন্তু মহিলাগৰাকী নাচোৰবান্দা৷ কোনোমতেই প্রেমিকৰ ঘৰ এৰি যাবলৈ নোখোজে৷ যাৰ বাবে মহিলা আৰক্ষীৰ সৈতেও তেওঁ হতাহতিত লিপ্ত হয়৷ মহিলাগৰাকীৰ ঘৰ পশ্চিম কার্বি আংলং জিলাৰ দলনি গাঁৱত৷ ১৫ দিন পূর্বে পলাই আহিছিল হোজাই থেপেলাগুৰিৰ গজেন ৰয়ৰ সৈতে৷ ঘটনা সংক্রান্তত মহিলাগৰাকীৰ পিতৃয়ে প্রেমিক গজেন ৰয়ৰ বিৰুদ্ধে অপহৰণৰ এক গোচৰ তৰে৷ এই গোচৰৰ ভিত্তিত আৰক্ষী হোজাইৰ থেপেলাগুৰিত উপস্থিত হৈ মহিলাগৰাকীক লৈ যায়৷ মহিলাগৰাকী যাবলৈ অমান্তি হোৱাত আৰক্ষী আৰু মহিলাগৰাকীৰ মাজত হতাহতি হয়৷ আৰক্ষী আৰু মহিলাগৰাকীৰ পৰিয়ালৰ মতে মহিলাগৰাকী বিবাহিত আৰু দুটি সন্তানৰ মাতৃ৷ স্বামী আৰু সন্তানক ত্যাগ কৰি গজেন ৰয়ৰ সৈতে পলাই আহিছিল৷ যাৰ বাবে পৰিয়ালৰ গোচৰৰ ভিত্তিত মহিলাগৰাকীক উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ ইফালে, মহিলাগৰাকীয়ে প্রদান কৰিছে সম্পূর্ণ বিপৰীত ভাষ্য৷ তেওঁ নিজকে বিবাহিত বুলি অস্বীকাৰ কৰাৰ লগতে সন্তান থকাৰ কথাও অস্বীকাৰ কৰে

You might also like