নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমগাৰ্ড ইয়াট আলিৰ হত্যাকাণ্ডত জড়িত অভিযুক্ত নিহত

নিয়মীয়া বাৰ্তা ৮ জুলাইঃ  চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত কাচদহাত নিশা আৰক্ষীৰ গুলিত নিহত অভিযুক্ত আব্দুল খালেক ৷তদন্তৰ বাবে লৈ যোৱা আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা অভিযুক্তৰ ৷ বিজনীৰ এছডিপিঅৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলিচালনা ৷আৰক্ষীৰ গুলিত থিতাতে নিহত আব্দুল খালেক ৷
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছিল খণ্ডকাৰ চফিউৰ ৰহমান , আয়ুব আলি আৰু আব্দুল খালেকক ৷
খণ্ডকাৰ চফিউৰ ৰহমানে ব্যক্তিগত শত্ৰুতাৰ বাবে হোমগাৰ্ড ইয়াত আলিক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল৷
খণ্ডকাৰ চফিউৰ ৰহমানে ১.৫০ লাখৰ বিনিময়ত চুপাৰী দিছিল আব্দুল খালেক আৰু আয়ুব আলিক ৷
যোৱা ৬ জুলাইৰ নিশা বিজনী থানাত কৰ্মৰ পৰা কৰ্তব্য সামৰি চাইকেলৰে ঘৰলৈ যোৱাৰ সময়তে দাৰে আয়ুব আলি আৰু আব্দুল খালেকে ঘপিয়াই হত্যা কৰিছিল ৷
চিৰাং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে সংবাদ মেল আয়োজন কৰি জনাই হত্যাকাণ্ডৰ সবিশেষ ৷সম্প্ৰতি আৰক্ষীৰ জিন্মাত আয়ুব আলি আৰু খণ্ডকাৰ চফিউৰ ৰহমান ৷ চিৰাং আৰক্ষীয়ে ৪৮ ঘণ্টাৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত আৰক্ষীক ধন্যবাদ জনায় আছু আৰু আমছুৱে।

You might also like